কামৰূপ মহানগৰ জিলাৰ ভোটাৰসকলে নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰা সম্পর্কত স’ততে মুখামুখি হোৱা প্রশ্ণসমূহৰ সমাধানৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাত শুভাৰম্ভ কৰা হৈছে এক ৱেব প’র্টেলৰ৷deokamrupmetro.in নামৰ ৱেব প’র্টেলটোৰ বুধবাৰে শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ এই ৱেব প’র্টেলত উপলব্ধ কৰা হৈছে জালুকবাৰী, দিছপুৰ, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী– চাৰিওটা সমষ্টিৰে ভোটকেন্দ্র, বি এল অ’সকলৰ নাম, ফোন নম্বৰ আদি৷ এতিয়াৰে পৰা নিজৰ সমষ্টিৰ বি এল অ’সকলক ফোন নম্বৰত সংযোগ কৰি ভোটকেন্দ্রকে আদি কৰি সকলো তথ্য সহজতে জানি ল’ব পাৰিব ভোটাৰসকলে৷ আনকি দৃষ্টিহীনসকলেও শুনিব পৰাকৈ তথ্যসমূহৰ ‘অডিঅ’ উপলব্ধ কৰা হৈছে এই ৱেব প’র্টেলত৷ আনহাতে, দৈনিক এই ৱেব প’র্টেলটো আপডেট কৰিবলৈ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ৱেব প’র্টেলটো শুভাৰম্ভ কৰি উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে সাধাৰণতে ভোটাৰসকলৰ মনত ভোটদান সম্পর্কত বিভিন্ন প্রশ্ণৰ উদ্রেক হয়৷ সেই উত্তৰসমূহ যাতে সহজতে হাততে পায় সেই চিন্তাৰেই নির্বাচনৰ আগত আৰম্ভ কৰা হৈছে এই ৱেব প’র্টেলটো৷ উল্লেখ্য যে এই ৱেব প’র্টেলটো হৈছে নির্বাচন সম্পর্কত দৃষ্টিহীন ভোটাৰসকলক সহায় কৰিব পৰাকৈ প্রস্তুত কৰা অসমৰ প্রথমটো ৱেব প’র্টেল ৷
গুৱাহাটীৰ ৪ সমষ্টিৰ তথ্যসম্বলিত ৱেব প’র্টেল মুকলি
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025