ক’ভিডকেন্দ্রিক ভয়াৱহতা সত্ত্বেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী–বিদেশী অবৈধ সুৰাৰ বেহা৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰে দিয়া নির্দেশৰ ভিত্তিত আজি গুৱাহাটী সদৰৰ আবকাৰী চক্রই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়৷ আবকাৰী বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি গুৱাহাটী সদৰৰ আবকাৰী পৰিদর্শকদ্বয় গোৱর্ধন ডেকা আৰু দিব্যপ্রতিম বৰাৰ নেতৃত্বত আবকাৰীৰ দলে উলুবাৰী কছাৰীবস্তি, ভঙাগড আৰু ৰূপনগৰত চলোৱা অভিযানত প্রায় ১২৫ লিটাৰ দেশীয় সুৰা আৰু ২৬ বটল বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে অভিযানকাৰী দলটোৱে ক’ভিডকেন্দ্রিক ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্যজনিত কাৰণত অবৈধ সুৰাৰ লগত জডিত লোকসকলক আটক নকৰি অনাগত দিনত যাতে পুনৰ অবৈধ সুৰাৰ বেহাৰ দৰে আইনবিৰোধী কার্যত জডিত নহয়, তাৰ বাবে সকীয়নি দিয়ে বুলি জানিব পৰা গৈছে৷
আবকাৰী বিভাগৰ অভিযানত, উলুবাৰী–ভঙাগড় ৰূপনগৰত দেশী–বিদেশী সুৰা জব্দ
Posted on by GTM Desk
0 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025