চিন্তিত মাদাৰ বৃদ্ধাশ্রমৰ আইতা

0 min read

 মহানগৰীৰ হাতীগাঁৱৰ মাদাৰ বৃদ্ধাশ্রমৰ সভাপতি–সম্পাদকৰ সংঘাতৰ বাবেই আইতাসকল চিন্তিত হৈ পৰিছে৷ মাদাৰ বৃদ্ধাশ্রমৰ পৰিচালনাৰ দায়িত্বত থকা সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকাৰ সংঘাতে ক্রমাৎ জটিল ৰূপ ধাৰণ কৰাত আজি আৱাসীসকলে উদ্রেক প্রকাশ কৰাৰ লগতে একাংশই আহাৰ গ্রহণৰ পৰা বিৰত থাকে৷ অৱশ্যে পৰৱর্তী সময়ত আইতাসকলে আহাৰ গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷ ২০১২ চনৰ ২১ জুনত উৎপল হর্ষবর্ধন আৰু মণিকাৰ প্রচেষ্টাত প্রতিষ্ঠা কৰা মাদাৰ বৃদ্ধাশ্রম ৰাইজৰ সহায়–সহযোগত এক অনুষ্ঠানলৈ পৰিণত হয় যদিও দুয়োজনৰ মাজত হোৱা ব্যক্তিগত সংঘাতৰ বাবে বৃদ্ধাশ্রমক লৈ শেহতীয়াকৈ সচেতন মহলত চর্চা চলিছে৷ বিশেষকৈ প্রতিষ্ঠাৰ দিনটোত বৃদ্ধাশ্রমত সমাজ কল্যাণ বিভাগৰ লোক উপস্থিত হোৱাক লৈ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ সম্পাদিকা

মণিকাই সভাপতি উৎপলৰ বিৰুদ্ধে বৃদ্ধাশ্রম পৰিচালনাৰ ক্ষেত্রত অনিয়মৰ অভিযোগ তুলি এখন সমিতি গঠনৰ প্রস্তাৱ দিয়ে৷ সম্পাদিকাৰ প্রস্তাৱক সভাপতি উৎপলে সেউজ সংকেত নিদিয়াৰ বাবে দুয়োজনৰ মাজত সংঘাতে জটিল ৰূপ ধাৰণ কৰে৷ একে সময়তে উৎপলে বৃদ্ধাশ্রমখন পৰিচালনা কৰাৰ ক্ষেত্রত মণিকাই সহযোগ কৰাৰ বিপৰীতে উৎপলক মানসিকভাৱে আঘাত দিয়া বুলিও জানিব পৰা গৈছে৷ সি যি নহওক বৃদ্ধাশ্রমৰ আইতাসকলে যাতে মানসিক কষ্ট নাপায় তাৰ বাবে দুয়োগৰাকী বিষয়াক সচেতন মহলে আহ্বান জনাইছে৷ তদুপৰি যি মহৎ উদ্দেশ্য লৈ প্রতিষ্ঠানটো গঢ় লৈ উঠিছে সেয়া যাতে আধাতে নষ্ট নহয় তাৰ বাবে দুয়োকে সচেতন মহলে আহ্বান জনাই বৃদ্ধাশ্রমখন সুচাৰুৰূপে পৰিচালনা কৰি আইতাসকলৰ মুখত হাঁহি বিৰিঙাবলৈ আহ্বান জনায়৷ উল্লেখ্য যে মাদাৰ বৃদ্ধাশ্রমত ৭৫গৰাকী অশীতিপৰ আইতা বাস কৰি থকা বুলি জানিব পৰা গৈছে৷

You May Also Like

More From Author