নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড কুখ্যাত অপৰাধী তাজনুৰ হুছেইনক ওৰফে ৰাজাক যোৱা ৬ জুনৰ নিশা নগাঁও চহৰৰ সমীপৰ কাতিমাৰী পৰা জুৰীয়া আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত কুখ্যাত অপৰাধীজনক নগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে। আনহাতে আজি গুৱাহাটীৰ পৰা অহা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দল নগাঁৱত উপস্থিত হৈ নগাঁও সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ কোঠাত প্ৰায় দুঘন্টা সময় তাজনুৰক জেৰা চলায়।উল্লেখ্য , নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড অপৰাধী তাজনুৰ হুছেইন মৰিগাঁও আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰে ঘনিষ্ঠ হোৱাৰ সূত্রে মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল ।এখন বগা ৰঙৰ এক্সইউভি গাড়ী লৈ মৰিগাঁৱত নিজকে চিআইডি বিষয়া বুলি পৰিচয় দিয়া তাজনুৰক মৰিগাঁৱৰ বহুলোকে সময়ে সময়ে আৰক্ষীৰ পোছাকতো প্ৰত্যক্ষ কৰিছিল ।নিজৰ ফেচবুক একাউণ্টত আনকি তাজনুৰে আৰক্ষী গেষ্ট হাউচত জিৰণি লোৱাৰ ফটো দি নিজকে মৰিগাঁও আৰক্ষীৰ মানুহ বুলি জাহিৰ কৰিছিল ।সেই সময়ত মৰিগাঁও আৰক্ষীৰ পৰা তাজনুৰে বিশেষ মৰ্য্যদা পোৱাৰো অভিযোগ উত্থাপিত হৈছিল । এই সন্দৰ্ভত সামাজিক মাধ্যমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আৰক্ষীৰ নামত তাজনুৰে মৰিগাঁৱত কোনো কোনো লোকক ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপিত হৈছিল ।মৰিগাঁও আৰক্ষীৰ কোন শীৰ্ষ বিষয়াই তাজনুৰক ৰাজ আতিথ্য প্ৰদান কৰিছিল সেই বিষয়ক লৈয়ো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শেহতীয়াভাৱে তাজনুৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে যোৱা ৮ জুনত সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হয় । ইয়াৰ পিছতে আজি নগাঁৱত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল উপস্থিত হোৱা বিষয়টোৱে তাৎপর্য বহন কৰিছে । অৱশ্যে আৰক্ষীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য সদৰি কৰা নাই। তেওঁলোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি সকলো বিষয় সামৰি তদন্ত চলি আছে আৰু পৰৱৰ্তী সময়ত এই সকলো কথা প্ৰকাশ কৰা হব।আনহাতে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল নগাঁৱলৈ তাজনুৰক জেৰা কৰিবলৈ অহা বিষয়টো কোনো কোনো আৰক্ষী বিষয়াৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে ।
নগাঁৱত দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল: কুখ্যাত অপৰাধী তাজনুৰক জেৰা
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025