মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ বাবে গঠন উচ্চ ক্ষমতা সম্পন্ন কমিটি

1 min read

 ৰাজ্যৰ শিক্ষা বিভাগে উচ্চস্তৰীয় দুখন কমিটি গঠন কৰাৰ লগতে ঘোষণা কৰিলে সদস্যৰ নাম । ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল কিদৰে প্ৰদান কৰিব, সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছে এই কমিটি দুখন । 31 জুলাইৰ পূৰ্বে এই কমিটি দুখনে প্ৰকাশ কৰিব ফলাফল ৷

উল্লেখ্য যে, বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই শুকুৰবাৰে ৰাজ্য চৰকাৰে বাতিল কৰিলে হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সকলো কাৰ্যসূচী । পৰীক্ষা বাতিল কৰাৰ লগে লগে উত্থাপন হোৱা ফলাফল ঘোষণাৰ প্ৰসংগত চৰকাৰে ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে দুখন উচ্চস্তৰীয় কমিটি গঠন কৰাৰ কথা কৈছিল । সেইমৰ্মে আজি হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে কমিটি দুখন গঠন কৰা হয় ।

হাইস্কুল শিক্ষান্ত-হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীক কিদৰে ফলাফল প্ৰদান কৰিব সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিব এই কমিটি দুখনে । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলৰ বাবে গঠন কৰা হৈছে এখন কমিটি আৰু উচ্চতৰ মাধ্যমিকৰ বাবে গঠন কৰিছ আন এখন কমিটি । দুয়োখন কমিটিতে একোজনকৈ অধ্যক্ষসহ আছে ৯ জন সদস্য । সাতদিনৰ ভিতৰত কমিটি দুখনে নিজ নিজ প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু এই প্ৰতিবেদনৰ ভিত্তিত ৩১ জুলাইৰ পূৰ্বে ঘোষণা কৰা হ’ব ফলাফল ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ অলক বুঢ়াগোঁহাইক অধ্যক্ষ হিচাপে লৈ কমিটিখন গঠন কৰা হৈছে । আনহাতে কমিটিখনত সদস্য হিচাপে আছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন, মাধ্যমিক শিক্ষাৰ উপ সচিব এছ এন দাস, গুৱাহাটী মহানগৰীৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰা, ধুবুৰীৰ কছুখানা হাইস্কুলৰ অধ্যক্ষ ৰঞ্জিত দাম, কোকৰাঝাৰৰ জাৰাগুৰি হাইস্কুলৰ অধ্যক্ষ হাকিম তৰফদাৰ, কামৰূপ একাডেমীৰ অধ্যক্ষ চি বি ৰায়, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ড আৰু ছেবাৰ সচিব সুৰঞ্জনা সেনাপতি । ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ আনখন কমিটি গঠন কৰা হৈছে ।

এই কমিটিত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱা, উচ্চতৰ শিক্ষাৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ড৹ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ড৹ এছ বৰকটকী, ধুবুৰী বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্ৰিছ আলী, শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব ৰমেশ চন্দ্ৰ চুতীয়া ।

You May Also Like

More From Author