খালী আসন তিনিখন কিন্তু উপ-নিৰ্বাচন পাঁচটা‌ সমষ্টিত, কিয় ?

1 min read

ৰাজ্যৰ তিনিটা বিধানসভা সমষ্টিত পৰৱৰ্তী ছমাহৰ ভিতৰত উপ-নিৰ্বাচন(By election) অনুষ্ঠিত হোৱাটো নিশ্চিত । কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া সবাতোকৈ চৰ্চিত বিষয়টো হ’ল উপ নিৰ্বাচন কেৱল তিনিটা সমষ্টিতে অনুষ্ঠিত হ’ব নে তাতোকৈ অধিক সমষ্টিত অনুষ্ঠিত হ’ব ? উল্লেখযোগ্য যে, বিগত মে’ মাহত বিটিআৰৰ অন্তৰ্গত দুটাকৈ বিধানসভা সমষ্টি বিধায়ক শূন্য হ’ল ।

গোঁসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী(Majendra Narzary) আৰু তামুলপুৰ সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লেহুৰাম বড়ো(Lehuram Bodo) ৰ অকাল বিয়োগ ঘটিল । ফলত বিধায়ক শূন্য হৈ পৰিল দুটাকৈ সমষ্টি । ইপিনে সৌ সিদিনা ১৮ জুনত বিধায়ক পদ ত্যাগ কৰিলে কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীয়ে । কংগ্ৰেছ দলৰ সৈতেও ৰূপজ্যোতি কুৰ্মীয়ে সম্পৰ্ক ছেদ কৰিলে ।

ফলত বিধায়কবিহীন হ’ল মৰিয়নি সমষ্টি । সাংবিধানিক নিয়ম অনুসৰি বিধায়ক পদ খালী হোৱা সমষ্টিসমূহত ছমাহৰ ভিতৰত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে । সেই হিচাপত চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত এই তিনিওটা সমষ্টিতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিব ।

কিন্তু শেহতীয়াকৈ কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে বাহিৰে-ভিতৰে চলি থকা গৰম চৰ্চাটো হ’ল খুব সোনকালেই কংগ্ৰেছৰ আৰু দুই বিধায়ক ক্ৰমে কৰিমগঞ্জ উত্তৰ সমষ্টিৰ কমলাক্ষ দে’ পুৰকায়স্থ আৰু থাওৰাৰ সুশান্ত বৰগোঁহাই আহিব বিজেপিলৈ । যদি সেয়াই হয়, তেন্তে অহা ছমাহৰ ভিতৰত হয়তো অসমৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰণজিৎ দাসেও ইতিমধ্যে দাবী কৰিছে যে অসমত তিনিটা নহয় পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

আনহাতে, বিধায়ক পদ ত্যাগ কৰাৰ দিনাই ৰূপজ্যোতি কুৰ্মীয়েও মন্তব্য কৰিছিল যে কংগ্ৰেছৰ আৰু দুজনকৈ বিধায়কে বিজেপিত যোগদানৰ বাবে সাজু হৈছে । কিন্তু অতি কৌশলেৰে ৰণজিৎ দাস বা ৰূপজ্যোতি কুৰ্মী কোনো এজনেও এবাৰৰ বাবেও উচ্চাৰণ কৰা নাই বিজেপিলৈ আহিব খোজা সেই দুই বিধায়কৰ নাম । তৎস্বত্বেও কিন্তু কমলাক্ষ দে’ পুৰকায়স্থ আৰু সুশান্ত বৰগোঁহাই-এ সেই দুই বিধায়ক বুলি ইতিমধ্যে তুমুল চৰ্চা চলিছে কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে বাহিৰে-ভিতৰে ।

You May Also Like

More From Author