কৌটি কৌটি টকাৰ চুপাৰী জব্দ কৰাৰ নাটক কৰাৰ অভিযোগ উঠিছে কামৰূপ আৰক্ষীৰ বিৰুদ্ধে । বহুমুলীয়া চুপাৰীক লৈ খেল খেলাৰ গুৰুতৰ অভিযোগ উথাপিত হৈছে কামৰূপ আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে । চিণ্ডিকেট চক্ৰক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উঠিছে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ল বিৰুদ্ধে । অভিযোগ উঠিছে যে কামৰূপ আৰক্ষীৰ চিণ্ডিকেট চক্ৰৰ প্ৰতি থকা দৰদৰ বাবে ন্যায়ালয়ত মুখথেকেচা খালে কামৰূপ আৰক্ষীয়ে। যাৰ বাবে অবশেষত চীল কৰা চুপাৰীৰ গুদামৰ তলা খোলাৰ নিৰ্দেশ দিলে কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে ।উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ চীল কৰা চুপাৰী গুডাম দণ্ডাধীশ কৌস্তভ ৰয়ৰ উপস্থিতিত তলা খুলিলে আৰক্ষীয়ে । উল্লেখ্য যে ৭ জুনত জি এছ টি কৰ পৰিশোধ নকৰা তথা বে আইনী ভাবে চুপাৰী মজুত কৰাৰ অভিযোগ তুলি কামৰূপ জিলা আৰক্ষী প্ৰশাসনে চীল কৰিছিল চুপাৰী গুডাম কেইটা । বৃহৎ পৰিমাণৰ চুপাৰী খিনি বাৰ্মিছ ছুপাৰী বুলিও সন্দেহ কৰিছিল আৰক্ষীয়ে। এঘাৰটাকৈ গুডামত ৪৮ হাজাৰ বেগ চুপাৰী ৰখা হৈছিল বুলি সদৰি কৰে দণ্ডাধীশে । চুপাৰীৰ আনুমানিক মুল্য কেবা কোটি টকা হব যদিও আৰক্ষীৰ চিণ্ডিকেট চক্ৰৰ সৈতে থকা গোপন বুজাবুজিৰ বাবে আদালতত উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰাৰ পৰা কামৰূপ আৰক্ষীয়ে বিৰত থাকে বুলি অভিযোগ উত্থাপিত হৈছে । যাৰ পৰিণতিত চুপাৰীৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত সকলে আদালতৰ পৰা চুপাৰী গুডাম মুকলি কৰি দিয়াৰ নিৰ্দেশ লাভ কৰে ।যাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে গোচৰ নিষ্পত্তি নোহোৱাকৈয়ে আদালতে চুপাৰী গুডাম খুলিবলৈ দিয়া বুলিও দণ্ডাধীশ কৌস্তভ ৰয়ে তাৎপৰ্য পূৰ্ণ মন্তব্য আগবঢ়ায় । উল্লেখ্য যে দুবছৰ পুৰ্বে জি এছ টি কৰ ফাঁকি দিয়াৰ বাবেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্ৰক্ষ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত মজুত ৰখা চুপাৰী চীল কৰাৰ নিৰ্দেশ দিছিল । গোছৰৰ শুনানী নিষ্পত্তি নোহোৱাকৈ জব্দকৃত শ শ কৌটিৰ চুপাৰী মুকলিৰ অন্তৰালত থকা ৰহস্য উদঘাটন হবনে তাকে লৈ সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে ।
উত্তৰ গুৱাহাটী: কামৰূপ আৰক্ষীয়ে চীল কৰা চুপাৰী ন্যায়লয়ে দিলে মুকলি।
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025