দক্ষিণ কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষীয়ে শুক্ৰবাৰে নিশা অভিযান চলাই দুজনকৈ দুধৰ্ষ ডকাইত আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা আৰক্ষীৰ দল এটাই ডকাইত দুজনৰ বিপৰীতে ৰুজু – ১২৮/২০, ১৫৩/২০ গোচৰৰ ভিত্তিত অভিযান চলাই আলোপতিচৰ আৰক্ষীৰ সহযোগত দুয়োকে ক্ৰমে কালাইৰদিয়া আৰু মাজৰচৰৰ নিজগৃহৰ পৰা আটক কৰে। জানিব পৰা মতে ডকাইতদ্বয় ক্ৰমে-বাঘবৰৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰদিয়া গাঁৱৰ আহম্মদ আলীৰ পুত্ৰ আবুল কালাম আজাদ (৩৬) আৰু মাজৰচৰ গাঁৱৰ হুৰমুজ আলীৰ পুত্ৰ কলম আলী (৩৪)। দুয়োজনে অঞ্চলটোৰ বিভিন্ন চুৰি-ডকাইতি কাণ্ডৰ সতে জড়িত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে নগৰবেৰাৰ মালঞ্চাত দিন দুপৰতে ব্ৰীজৰ ওপৰত এগৰাকী বিড়ি ব্যৱসায়ীৰ পৰা প্ৰায় তিনি লাখ পঞ্চাশ হাজাৰ টকা লুটি নিয়া ডকাইতি কাণ্ডৰ সতে জড়িত আছিল ধৃত ডকাইতদ্বয়ে। শনিবাৰে পুৱাই দুয়োকে নগৰবেৰা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে।
নগৰবেৰা: আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025