কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আত্মসমৰ্পণ কৰা আৰু শান্তি আলোচনাত বহা সকলো এন ডি এফ বি কেডাৰকে সম মৰ্যাদা প্ৰদান কৰা উচিত ৷ অসমৰ শান্তি বাৰ্তাা ৰখাৰ স্বাৰ্থথ আৰু বড়ো ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা শান্তিপূৰ্ণ সমাধানৰ স্বাৰ্থত এন ডি এফ বিৰ সকলোবোৰ গ্ৰুপে চৰকাৰৰ লগত শান্তি আলোচনাত অংশগ্ৰহণ কৰিছে ৷ কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তি আলোচনাত বহা এন ডি এফ বিৰ সকলো কেডাৰ তথা গ্ৰুপক সমমৰ্যাদা প্ৰদান নকৰাৰ লগতে প্ৰতিশ্ৰুতি অনুযায়ী কাৰ্য ৰূপায়ণ পৰৰ নাই ৷ এই মন্তব্য এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ ৷ কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰিংছা বসুমতাৰী আৰু সম্পাদক হৰেশ্বৰ বসুমতাৰীৰ ৷ তেওঁ লোকে কয় যে- শান্তি আলোচনালৈ অহা এন ডি এফ বিৰ সকলো কেডাৰকে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৪ লাখকৈ পুনঃ সংস্হাপনৰ বাবে দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰে এন ডি এফ বিৰ একাংশ কেডাৰক এই ধন দিছে যদিও ৰঞ্জন দৈমাৰী গোটৰ সহস্ৰাধিক কেডাৰক এতিয়াও উক্ত ধন মুকলি কৰি দিয়া নাই আৰু ইয়ে কেডাৰ সকলৰ মাজত হতাশা আৰু ক্ষোভৰ সৃষ্টি কৰিছে ৷ নেতাদ্বয়ে লগতে কয়- এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটে শান্তি আলোচনাত বহাৰ বহু চৰ্তৰ ভিতৰত গুৰুত্বপূৰ্ণ চৰ্ত আছিল ৰঞ্জন দৈমাৰীক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া, ৰঞ্জন দৈমাৰীৰ লগতে ৰঞ্জন দৈমাৰী গোটৰ এন এফ বি কেডাৰৰ সকলো গোচৰ উঠাই দিয়া, পুনঃ সংস্হাপন দিয়া, আৰু বি টি চি চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা ৷ কিন্তু চৰকাৰে সকলোবোৰ চৰ্ত পূৰণৰ ক্ষেত্ৰত পলম কৰাৰ লগতে বিষয়বোৰৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ লোৱাা নাই ৷ চৰকাৰৰ এনে ভুমিকাৰ বাবে এন ডি এফ বিৰ লগত শান্তি আলোচনা কিমান দীঘলীয়া হ’ব তাক লৈ আমি সন্দিহান হৈ পৰিছো বুলিও এন ডি এফ বিৰ নেতাদ্বয়ে বিবৃটিখনত উল্লেখ কৰিছে ৷ তেওঁলোকে এন ডি এফ বিক দিয়া সকলোবোৰ প্ৰতিশ্ৰুতি অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনোৱাৰ লগতে বড়ো-কছাৰী অট’নমাছ কাউঞ্চিলত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ পৰা এগৰাকী প্ৰতিনিধি চৰকাৰৰ ফালৰ পৰা মনোনীত কৰাৰ লগতে বি টি আৰৰ বাহিৰৰ এন ডি এফ বি কেডাৰ সকলক কাউঞ্চিলখনত সকলো কামৰ ভাগ দিবলৈ দাবী উত্থাপন কৰিছে ৷
আত্মসমৰ্পণ কৰা সকলো কেডাৰকে সমমৰ্যাদা প্ৰদানৰ দাবী এন ডি এফ বি আৰ ডি গ্ৰুপৰ
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025