ক’ভিড পৰিস্থিতিৰ বাবে অব্যাহত থকা নৈশ সান্ধ্য আইনৰ মাজতে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিশা চলিল ৰেভপাৰ্টী । সম্ভ্ৰান্ত পৰিয়ালৰ জন্মদিন উদযাপনৰ নামত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ পার্টী । ক’ভিড প্ৰ’টকল ভংগ কৰি একাংশ যুৱক-যুৱতীয়ে সুৰা আৰু ড্ৰাগছেৰে উদযাপন কৰিলে জন্মদিনৰ পাৰ্টী ।
শুকুৰবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ স্থান মহানগৰীৰ খাৰঘূলি । খাৰঘূলিৰ ৰিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ এজন লোকৰ ঘৰত উদ্দাম পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ’ল ১৮ গৰাকী যুৱক-যুৱতী । অতি সম্ভান্ত্ৰ ঘৰৰ এই যুৱক-যুৱতীসকলৰ এই ৰেভপাৰ্টীক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে । অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপনৰ নামত এপাৰ্টমেণ্টটোত চলিছিল ৰেভপাৰ্টী ।
এপাৰ্টমেন্টৰ ৩য় মহলাত থকা বিকাশ জৈনৰ ঘৰত আয়োজন কৰা হৈছিল অমৃত বৰুৱা নামৰ ব্যক্তিগৰাকীৰ জন্মদিন । জন্মদিনৰ পাৰ্টীৰ নামত তাত মজুত কৰি ৰখা হৈছিল কোকেইন-গাঞ্জাৰ দৰে বিভিন্ন নিচাযুক্ত দ্ৰব্য।
ক’ভিড প্ৰট’কল ভংগ কৰি মাজনিশালৈ চলা এই পার্টীৰ তথ্য লতাশিল আৰক্ষীয়ে লাভ কৰিছিল । সেই মৰ্মে গভীৰনিশা এপাৰ্টমেণ্টটোত অতৰ্কিতে অভিযান চলাই আৰক্ষীয়ে ঘৰটোৰ গৰাকী বিকাশ জৈনসহ ১৮ জনকৈ যুৱক-যুৱতীক আটক কৰে । ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৫ গ্ৰাম কোকেইন আৰু বৃহৎ পৰিমাণৰ গাঞ্জা ।