গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ক’ভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে প্ৰায় আঠ – ন মাহ ধৰি হস্তান্তৰ প্ৰক্ৰিয়া গেথেলা মাৰি থকাৰ পাছত শেহতীয়াভাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমান বন্দৰ আদানী গ্রুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে আদানী গ্রুপক বিমান বন্দৰ হস্তান্তৰ কৰাৰ নামত যোৱা ২৭ জুলাইত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে যি নিৰ্দেশ জাৰি কৰিছে সেয়া পোহৰলৈ অহাৰ পাছত বিমান বন্দৰ চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নিৰ্দেশটোত অহা ৩১ আগষ্টৰ ভিতৰত বিমান বন্দৰ চৌহদত থকা বিষয়া – কৰ্মচাৰীৰ সকলো আবাস আৰু কাৰ্যালয় খালি কৰিবলৈ কোৱা হৈছে । কিন্ত ক’ভিডৰ ভয়াবহতা মাৰ নাযাওঁতেই মাত্ৰ এমাহৰ ভিতৰতে কোনোপধ্যে আবাস খালি কৰাটো সম্ভৱ নহয় বুলি কৰ্মচাৰী সকলে কৰ্তৃপক্ষক জনাই দিছে । এই সন্দৰ্ভত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ সংগঠন “এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়ন” চমুকৈ এ এ ই ইউৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সভাপতি সুশীললাল চৌধুৰী আৰু সম্পাদক পৱিত্ৰ দাস , গুৱাহাটী শাখাৰ সভাপতি অৰ্জুন বাচফৰ আৰু সম্পাদক ৰাজু কুমাৰ দাসে এটা বিবৃতিত কয় বৰ্তমান ক’ভিড – ১৯ ৰ ভয়াবহতাৰ বাবে বেছিভাগ বিষয়া – কৰ্মচাৰীয়ে আবাসত পৰিয়াল সহিতে থাকিবলগীয়া হৈছে । চৌহদত বৰ্তমান প্ৰাধিকৰণৰ ২২১ টা , কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ ৮৯ টা আৰু বতৰ বিজ্ঞান বিভাগৰ ৭৪ টা আবাস আছে । তেনেদৰে কেবাটাও সৰু বৰ কাৰ্যালয় আছে । পূৰ্বতেও বিগত ২০২০ বর্ষৰ শেহৰ ফালে কৰ্তৃপক্ষই আবাস খালি কৰাৰ জাননী জাৰি কৰিছিল । কিন্তু এ এ ই ইউৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত খালি কৰাৰ নির্দেশ সাময়িক ভাৱে স্থগিত ৰখা হৈছিল । কিন্তু ক’ভিডৰ ভয়াবহতা চলি থকা স্বত্বেও পুনৰ খালি কৰাৰ জাননী জাৰি কৰাত বিষয়া – কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।
আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ
Posted on by GTM Desk
0 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025