সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত ৰাখিবলৈ লৈ যোৱা দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীক কাম কৰিবলৈ বাধ্য কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৷
অৱশেষত এই নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিকিৎসক গৰাকীৰ ঘৰৰ পৰা পলায়ন কৰে তেওঁ ৷ অৱশ্যে যোৰহাট নগৰৰ বাছ ষ্টেণ্ড(Jorhat bus stand)ত এখন বাছত উঠিবলৈ লওতে যোৰহাট পুলিছে(Jorhat police) উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷ ইফালে অভিযুক্ত চিকিৎসক গৰাকীৰ নাম তিতাবৰৰ জনৈক ৰিছা বুলি অৱগত কৰিছে কিশোৰী গৰাকীয়ে ৷
উল্লেখযোগ্য যে, বিগত বৰ্ষত মৰাণ মহাবিদ্যালয়ৰ সেই সময়ৰ অধ্যক্ষা গৰাকীয়ে নিজৰ ঘৰত বন কৰা ল’ৰা এজনক নিৰ্দয়ভাৱে শাৰিৰীক নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছিল ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত ৷ এইদৰে এতিয়া এচাম তথা-কথিত সম্ভ্ৰান্ত লোকৰ ঘৰতে শিশু তথা কিশোৰ কিশোৰীক শাৰিৰীক তথা মানসিকভাৱে নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সচেতন মহলে ৷