ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ধেমাজিৰ মৰিধল মহিবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া ৷ সম্প্ৰতি ছাত্ৰী গৰাকী সংকটজনক অৱস্থাত ক’মাত আছে বুলি জানিব পৰা গৈছে । পূৰ্বৰ দৰেই সোমবাৰেও একেই অৱস্থাতে আছে নন্দিতাৰ স্বাস্থ্যৰ অৱস্থা ৷ একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ কৰা হোৱাৰ পিছত দেওবাৰে নন্দিতাৰ পিতৃয়ে এই বাতৰি অসত্য বুলি জানিবলৈ দিছিল ৷
অৱশ্যে, এতিয়াও স্বাস্থ্যৰ ছাত্ৰী গৰাকীৰ অৱস্থাৰ বিশেষ পৰিৱৰ্তন অহা নাই ।
উল্লেখ্য যে দুদিন পূৰ্বে ধেমাজি মৰিধল কলেজৰ শিক্ষাৰ্থী নন্দিতা শইকীয়াক মৰিধল মহাবিদ্যালয়ৰে লাইব্ৰেৰীত কৰ্মৰত এজন যুৱকে ৰাজপথত অতি নিৰ্মম আৰু বৰ্বৰ ভাৱে দাৰে ঘপিয়াই আঘাট কৰিছিল ৷ নন্দিতাৰ লগতে আন এগৰাকী যুৱতীও এই আক্ৰমণৰ সন্মুখীন হৈছিল । যুৱকজনে আক্ৰমণ কৰা অৱস্থাত নন্দিতাৰ যথেষ্ট তেজ নিৰ্গত হৈছিল ৷