Justice for Nandita : নন্দিতাৰ বাবে ন্যায় বিচাৰি ৰাজপথৰ প্ৰতিবাদ

1 min read

ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নাৰী সুৰক্ষাৰ কথা কৈ থকা সময়তে ধেমাজিত যুৱকৰ দাৰ ঘাপত ছাত্ৰীৰ সংকটজনক অৱস্থাৰ সৃষ্টি হ’ল ৷ শনিবাৰে, ধেমাজিৰ মৰিধল কলেজৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন কলেজৰে গ্ৰন্থাগাৰৰ কৰ্মচাৰী ৰিন্টু শৰ্মাই দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাইছিল । এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে দুলীয়াজানৰ পিপলতল তিনিআলিত উত্তপ্ত প্ৰতিবাদত নামি পৰিল বিভিন্ন দল সংগঠন ৷

এই প্ৰতিবাদী কাৰ্য্যসূচীৰ ফলত বহু সময় ধৰি দুলীয়াজান- ডিব্ৰুগড়- তিনিচুকীয়া সংযোগী মূল গড়কাপ্তানি পথত লঘু আৰু গধুৰ যানবাহন চলাচল অচল হৈ পৰে । ইফালে, প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ এখনো সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে ।

উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছে ভুক্তভোগী নন্দিতা শইকীয়া ৷ সম্প্ৰতি ছাত্ৰী গৰাকী সংকটজনক অৱস্থাত ক’মাত আছে বুলি জানিব পৰা গৈছে । পূৰ্বৰ দৰেই সোমবাৰেও একেই অৱস্থাতে আছে নন্দিতাৰ স্বাস্থ্যৰ অৱস্থা ৷ একাংশ সংবাদ মাধ্যমত শেহতীয়াকৈ নন্দিতাৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰচাৰ কৰা হোৱাৰ পিছত দেওবাৰে নন্দিতাৰ পিতৃয়ে এই বাতৰি অসত্য বুলি জানিবলৈ দিছিল ৷

ডিব্ৰুগড়ৰ ব্ৰক্ষপুত্ৰ নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা নন্দিতাৰ বিষয়ে সবিশেষ জনাই চিকিৎসকে কয় যে, সম্প্ৰতি তেওঁৰ ৰক্তচাপ,পাল্ছ আদি নিয়মীয়া হৈ আছে । ছাত্ৰী গৰাকীক পুনৰ সাধাৰণ অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে চিকিৎসকে । তেওঁৰ শেহতীয়া অৱস্থাৰ বিষয়ে অৱগত কৰি নন্দিতা সম্প্ৰতি ভেন্টিলেটৰত আছে বুলি জানিবলৈ দিছে চিকিৎসকে ।

You May Also Like

More From Author