উপ নিবাৰ্চনক লৈ শাসক দল বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সমান্তৰালভাৱে অসম জাতীয় পৰিষদেও তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পিছতে এক সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ৷ এই সভাত বিগত বিধান সভা নিৰ্বাচনত পৰাজয় হোৱাৰ কাৰণ সমূহ সন্দৰ্ভতো পৰ্যালোচনা কৰাৰ কথা অৱগত কৰে গগৈয়ে । এই সংবাদমেলৰ যোগেদিয়েই চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে লুৰীণ ।
ইফালে, সংবাদমেলত ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে লুৰীণ জ্যোতি গগৈয়ে । নন্দিতা শইকীয়াৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰে নন্দিতা শইকীয়াৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰো দাবী জনায় তেওঁ ।
আনহাতে, শনিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকী থাওৰাত উপস্থিত হৈ দলৰ সাংগঠনিক স্থিতি সম্পৰ্কে বুজ লৈছিল । ইয়াৰ পাছতে থাওৰা সমষ্টিৰ ডিমৌত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে সংবাদমেল সম্বোধন কৰি বিধায়ক হৈয়ো দল বাগৰা সুশান্ত বৰগোহাঁইক নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰে ।
তেওঁ লগতে কয়, সুশান্ত বৰগোহাঁয়ে থাওৰা সমষ্টিৰ ভোটাৰক অপমান কৰিছে । কংগ্ৰেছৰ মাজতে বিজেপিৰ এজেন্ট আছিল আৰু সেই এজেন্ট সমূহ এতিয়া বিজেপিলৈ গৈছে বুলিও তেওঁ মন্তব্য কৰে । উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত থাওৰা সমষ্টিৰ ডিমৌত শনিবাৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক সভাই বিশেষ তাৎপৰ্য বহন কৰিছে ।