নলবাৰী জিলাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত ২নং কাপলাবড়িৰ এগৰাকী ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি সম্প্ৰতি ৰাজস্থানত অসহায় জীৱন অতিবাহিত কৰিছে বুলি জানিব পৰা গৈছে ৷ এইকথা আজি সদৰী কৰিছে অসহায় যুৱতী গৰাকীৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷ অসহায় যুৱতী গৰাকীক ৰাজস্থানৰ পৰিয়াল এটিত ১ লাখ ৮০ হেজাৰ টকাত বিক্ৰী কৰা বুলি যুৱতী গৰাকীয়ে পিতৃ-মাতৃক ফোনযোগে সমগ্ৰ ঘটনা অৱগত কৰাইছে বুলি জানিবলৈ দিয়ে যুৱতী গৰাকীৰ পিতৃয়ে ৷ যুৱতী গৰাকীৰ পিতৃয়ে আজি সংবাদ মাধ্যমত সদৰী কৰামতে প্ৰায় তিনি মাহ পূৰ্বে যুৱতী গৰাকীয়ে কাপলাবড়ি চ’ক বজাৰত থকা বেংক প্ৰতিষ্ঠানলৈ যায় ৷ তেনে সময়তে যুৱতী গৰাকীক মুকালমুৱাৰ বৰলিয়াপাৰ গাঁৱৰ নজৰুল আলী নামৰ আত্মীয় যুৱক এজনে যুৱতী গৰাকীক কাপলাবড়িত লগ পায় আৰু নজৰুলে যুৱতী গৰাকীক প্ৰলোভন দেখুৱাই মুকালমুৱালৈ লৈ যায় ৷ পৰবৰ্তী সময়ত নজৰুলে বৰপেটাৰ চাইফ আলী নামৰ অন্য এজন যুৱকৰ সহায়ত যুৱতী গৰাকীক ৰেলেৰে ৰাজস্থানলৈ লৈ যায় ৷ ৰাজস্থানৰ পৰিয়াল এটিত নজৰুল আৰু চাইফে যুৱতী গৰাকীক ১ লাখ ৮০ হেজাৰ টকাত বিক্ৰী কৰে বুলি অসহায় যুৱতী গৰাকীয়ে পিতৃক কান্দি কান্দি অবগত কৰোৱাৰ কথা জানিবলৈ দিয়ে যুৱতীগৰাকীৰ পিতৃয়ে ৷ ঘটনা পোহৰলৈ অহাৰ পিছতেই যুৱতী গৰাকীৰ পিতৃয়ে ঘটনা সংক্ৰান্তত দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও যুৱতী গৰাকীক উদ্ধাৰৰ বাবে আৰক্ষীয়ে আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে
নলবাৰীৰ ১৯ বছৰীয়া যুৱতী নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025