বিশ্বনাথ জিলাৰ অসম অৰুনাচল সীমান্তৰ বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত যোৱা কালি দিনজোৰা কাৰ্যসূচীৰে ৩০ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰে। অনুষ্ঠানটিত পতাকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে মান্যতা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ এগৰাকী বিশিষ্ট নাগৰিক গনেশ আমগায়ে। শুভাৰম্ভৰ পিছত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা সমৱেত সংগীতে উপস্থিত সকলোকে মন্ত্ৰমুগ্দ্ধ কৰে। সমৱেত সংগীতৰ পিছত নেপালী ভাষা মান্যতা দিৱসৰ লগত সংহতি ৰাখি অনুষ্ঠিত সভাৰ পৰিচালনা কৰে গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সন্তোষ শৰ্মাই। অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকল ডাঃ ডনডিৰাজ উপ্যাধ্যায়,গোৰ্খা উন্নয়ন পৰিষদৰ অন্যতম মতি নেৱাৰ,কিশোৰ উপাধ্যায়,যুৱ নেতা লক্ষীকান্ত কৰাকে ধৰি বিভিন্ন নাগৰিকে নেপালী ভাষা মান্যতা দিৱস উদযাপনৰ তাৎপৰ্যৰ ওপৰত বহল ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে উত্তৰ নাগশংকৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটিয়ে নেপালী জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল বালিজুৰিত জনগোষ্ঠীটোৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোনৰ এনাজৰি ডাল অধিক কটকটীয়া কৰিতুলিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।
ইটাখোলাৰ বালিজুৰিত নেপালী ভাষাৰ মান্যতা দিৱস উদযাপন
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025