মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পিছতে ড্রাগ্ছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ আৰক্ষীৰ অভিযানত কেইবাশ কোটি টকাৰ ড্রাগ্ছসহ বহু সৰবৰাহকাৰী গ্রেপ্তাৰ হৈছে৷ মুখ্যমন্ত্রীৰ নির্দেশমর্মে মহানগৰ আৰক্ষী আৰু অপৰাধ শাখায়ো গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীয়ে বিগত এমাহত ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত ১২১টা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
দেওবাৰে আজাৰা থানাত আৰক্ষী আয়ুক্ত হৰমিত সিঙে এখন সংবাদ মেল সম্বোধন কৰি এই তথ্য সদৰী কৰে৷ সংবাদ মেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্রাগ্ছ বিৰোধী অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্রীৰ নির্দেশ মতে ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীতো মহানগৰ আৰক্ষীয়ে অভিয়ান অব্যাহত ৰাখিছে৷ বিগত এটা মাহত মহানগৰ আৰক্ষীয়ে ১২১টা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে তিনি কেজি হেৰ’ইন, চাৰি হাজাৰ কফ ছিৰাপ, চাৰি গ্রাম ক’কেইন, ৮.৫ হাজাৰ য়াবা টেবলেট, ১২.৫ কেজি গাঞ্জা, ড্রাগ্ছ সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ২০খন গাড়ী মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে৷
ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে মণিপুৰ আৰু দিল্লীৰ পৰাও অভিযুক্তক গ্রেপ্তাৰ কৰিছে৷ মহানগৰ আৰক্ষী জিম্মাত থকা ড্রাগ্ছ সৰবৰাহকাৰীক মাৰাথন জেৰা অব্যাহত ৰখা হৈছে৷ আৰক্ষীৰ জেৰাত ড্রাগ্ছ সৰবৰাহকাৰীয়ে আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৰ বহু তথ্য প্রদান কৰিছে৷ এই তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে লাভ কৰাৰ তথ্যৰ ভিত্তিত কালি নিশা যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তৰ নেতৃত্বত সোণাপুৰত অভিযান চলাই ১.৩২৪ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ অভিযানত ১০০টা চাবোনৰ বাকচত এই হেৰ’ইনখিনি জব্দ কৰাৰ লগতে ৬টা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ এই ড্রাগ্ছবিৰোধী অভিযান মহানগৰ আৰক্ষীয়ে অব্যাহত ৰাখিব৷ আজিৰ সংবাদ মেলত আৰক্ষীৰ লগতে যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তও উপস্থিত থাকে৷