অসমৰ চুবুৰীয়া ৰাজ্যই চৌদিশে আগ্ৰাসন কৰা নতুন কথা নহয়। সৌ সিদিনা অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ অসমৰ ভুমিত মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল অসমৰ জোৱান। এই ঘটনাও সংঘটিত হৈছিল সীমা বিবাদৰ বাবে। মিজোৰামে অসমৰ ভুমি দখল কৰা বিষয়ৰ বাবে হৈছিল উক্ত ঘটনা। উল্লেখ্য যে ; ইফালে কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত গামেৰীমুৰাৰ শালবাৰীত এইবাৰ প্ৰায় ২ কি’লোমিটাৰ ভিতৰলৈ সোমাই আহিল মেঘালয়ে। অসম-মেঘালয় সংযোগী পথৰ ওপৰত দি গ’ল মেঘালয়ৰ চিহ্ন। যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা দলে এই কাণ্ড সংঘটিত কৰে। এই ঘটনাৰ উমান পাই ৰাভা ছাত্ৰ সন্থাৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হয় আৰু সবিশেষ অসম আৰক্ষী – প্ৰশাসনক অৱগত কৰে। ইফালে মিজোৰাম কাণ্ডৰ উত্তেজনা মাৰ নাযাওঁতেই মেঘালয়ৰ এনে কাৰ্য্যত হতবাক হৈ পৰিছে সীমান্তবাসী ৰাইজ। পুনৰ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবৰ বাবে অতিশীঘ্ৰে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাই। অসম চৰকাৰে অতি শীঘ্ৰে সীমা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে ৰাভা ছাত্ৰ সন্থাই। সময় থাকোঁতেই সময়োচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ আ শা কাং কাংশা দেখা দিছে।
মিজোৰামৰ পিছত এইবাৰ অসমৰ ভুমি বকোত মেঘালয়ৰ আগ্ৰাসন
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2021/08/IMG-20210809-WA0023-e1628496454758.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025