ৰিভেৰিয়াত নিয়মীয়াকৈ হৈছিল ৰেভ পার্টী; ড্রাগ্ছ সৰবৰাহকাৰী অশোক বর্মনৰ বিস্ফোৰক স্বীকাৰোক্তি

0 min read

খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টত ক’কেইনৰ পার্টী কৰা ঘটনাৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ কালি লতাশিল আৰক্ষীয়ে বিল্ডাৰ বিকাশ জৈন, অশোক বর্মন আৰু চয়ন শইকীয়াক জিম্মাত লৈ তিনিওকে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

আৰক্ষীৰ জেৰাত তিনি অভিযুক্তই ড্রাগ্ছ সৰবৰাহ আৰু খাৰঘুলিৰ ৰিভেৰিয়াত অনুষ্ঠিত ৰেভ পার্টী সন্দর্ভত বহু বিস্ফোৰক স্বীকাৰোক্তি দিছে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য ৰাজহুৱা কৰা নাই৷ কিন্তু মহানগৰ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, বিল্ডাৰ বিকাশ জৈনৰ খাৰঘুলিৰ ৰিভেৰিয়া এপার্টমেণ্টত প্রায়ে ৰেভ পার্টী অনুষ্ঠিত হৈছিল৷

ৰিভেৰিয়াত অনুষ্ঠিত ৰেভ পার্টীত ক’কেইন, কানি, বিদেশী চিগাৰকে ধৰি বিভিন্ন ধৰণৰ ড্রাগ্ছ ব্যৱহাৰ কৰিছিল৷ বিল্ডাৰ জৈনে ৰেভ পার্টী অনুষ্ঠিত কৰাৰ নামত মোটা অংকৰ ধন আদায় লৈছিল৷ বিল্ডাৰ বিকাশ জৈনে অনুষ্ঠিত কৰা ৰেভ পার্টীত নিয়মীয়াকৈ ক’কেইনকে ধৰি বিভিন্ন ধৰণৰ ড্রাগ্ছ যোগান ধৰিছিল অশোক বর্মনে৷ ড্রাগ্ছ সৰবৰাহকাৰী অশোকক লতাশিল আৰক্ষীয়ে ছয় দিনৰ জিম্মাত লৈছে৷

ধৃত ড্রাগ্ছ সৰবৰাহকাৰী অশোকে আৰক্ষীৰ জেৰাত অসম তথা উত্তৰ–পূর্বাঞ্চলত সক্রিয় হৈ থকা ড্রাগ্ছ ব্যৱসায়ী চক্রটোৰ বিষয়ে বহু চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে৷ কেৱল গুৱাহাটীতেই নহয়, হোজাইতো কেইবাজনো আগৰ ব্যৱসায়ীয়ে ৰেভ পার্টী অনুষ্ঠিত কৰে৷ হোজাইত অনুষ্ঠিত ৰেভ পার্টীত ক’কেইনৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা আমদানিকৃত সুন্দৰী যুৱতী মহিলায়ো অংশগ্রহণ কৰে৷ হোজাই আৰু গুৱাহাটীত অনুষ্ঠিত ৰেভ পার্টীত অশোক বর্মনেই ক’কেইনকে ধৰি বিভিন্ন ধৰণৰ ড্রাগ্ছৰ যোগান ধৰি আহিছিল৷

আৰক্ষীয়ে আনুষ্ঠানিকভাৱে এই তথ্য প্রকাশ কৰা নাই যদিও আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রৰে সু–সম্পর্ক ৰক্ষা কৰি অহা অশোক বর্মনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলালে বহু সম্ভ্রান্ত পৰিয়ালৰ সদস্য আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ ৬ দিনৰ আৰক্ষীৰ জিম্মাত থকা ড্রাগ্ছ সৰবৰাহকাৰী অশোকে আৰক্ষীৰ জেৰাত আৰু বহু বিস্ফোৰক তথ্য প্রকাশ কৰাৰ সম্ভাৱনা আছে৷

You May Also Like

More From Author