ফেচবুকত তালিবানৰ সমৰ্থনত পোষ্ট কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

1 min read

তালিবানক নিষিদ্ধ কৰিছে ফেচবুকে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি তালিবানৰ সমৰ্থনত ফেচবুকৰ মজিয়াত কৰা সকলো পোষ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ইতিমধ্যে ইয়াৰ বাবে আফগানিস্তানৰ বিশেষজ্ঞসকলক লৈ এটা দল গঠন কৰা হৈছে।

বিগত ২০ বছৰ ধৰি দেশখনত নির্বাচিত প্রতিনিধিৰ চৰকাৰ বাহাল থকাৰ মাজতে আমেৰিকাই নিজৰ সেনা প্রত্যাহাৰ কৰাৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগে লগে উজ্জীৱিত তালিবানে নিজৰ শক্তি প্রদর্শনেৰে ইখন প্রদেশৰ পৰা সিখন প্রদেশ দখল কৰাৰ অন্তত দেওবাৰে নিশা ৰাজধানী কাবুল দখল কৰে৷

ফলত এতিয়া তালিবানীৰ আতংকত কঁপিছে আফগানিস্তান। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এখনৰ পাছত আন এখন অতি দুখলগাা ছবি ভাইৰেল হৈ পৰিছে। য’ত দেশখনৰ কঠিন পৰিস্থিতি আৰু মানুহৰ অৱৰ্ণনিয় ছবিবোৰে সকলোকে কম্পিত কৰিছে।

এই পৰিস্থিতিত ফেচবুকে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে তালিবান আৰু তেওঁলোকৰ দ্বাৰা কৰা সকলো পোষ্ট বিলোপ কৰাৰ সিদ্ধান্ত লৈছে। তালিবানে যিকোনো বাৰ্তা প্ৰচাৰ কৰিবলৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰে। সেই দিশবোৰ বিবেচনা কৰি, ফেচবুকে তালিবানক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

খবৰ অনুসৰি যিবোৰ প্ৰফাইলৰ পৰা তালিবানৰ বাৰ্তা প্ৰচাৰ কৰা হয়, সেইবোৰ অৱৰোধ কৰা হ’ব। ফেচবুকত এতিয়ালৈকে তালিবানৰ সমৰ্থনত কৰা সকলো পোষ্ট বিলোপ কৰা হ’ব। যদি নতুনকৈ কিবা পোষ্ট কৰা হয়, তেন্তে তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণীও ফেচবুকৰ তৰফৰ পৰা দিয়া হৈছে।

 

You May Also Like

More From Author