এন এইচ পি চিয়ে নির্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ যিমানেই সম্পূর্ণ হোৱাৰ পথত আগবাঢ়িছে, সিমানেই প্রকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত আতংক আৰু অনিশ্চয়তা অধিক বৃদ্ধি পাবলৈ আৰম্ভ হৈছে৷ প্রকল্পটোৰ নির্মাণ ইতিমধ্যে ৮০ শতাংশ সম্পূর্ণ হ’ল যদিও প্রকল্পটো সম্পূর্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই নির্মাতা সংস্থা এন এইচ পি চিয়ে৷
শেহতীয়াভাৱে উত্তৰ অসমত হৈ থকা মুষলধাৰ বৰষুণ আৰু সোৱণশিৰি নৈৰ ওফন্দি উঠা উত্তাল জলপৃষ্ঠই প্রকল্পটোৰ বিস্তৰ ক্ষতি কৰিছে৷ বর্তমানো প্রকল্পটোৰ তল–ওপৰ একাকাৰ কৰি উত্তাল গতিত পানী বৈ আছে আৰু উক্ত পানীয়ে প্রকল্পটোৰ নামনি অংশৰ ৰাইজক আতংকিত কৰি তুলিছে৷ বান্ধটোৱে কঢ়িয়াই অনা বিপদৰ বাবেই শনিবাৰে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে এন এইচ পি চিৰ গেৰুকামুখস্থিত কার্যালয়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণ বন্ধৰ দাবীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
প্রতিবাদীসকলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুর্দাবাদ, বিজেপি চৰকাৰ নিপাত যাওক, এন এইচ পি চি মুর্দাবাদ, বিজেপিৰ মিথ্যাচাৰ নচলিব, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ কাম নাই, প্রধানমন্ত্রী নৰেন্দ্র মোদী হুচিয়াৰ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ বন্ধ কৰক আদি ধ্বনিৰে গেৰুকামুখৰ আকাশ–বতাহ মুখৰিত কৰি তোলে৷ প্রতিবাদী কার্যসূচীত উপস্থিত থাকি যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়– নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাতা সংস্থা এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰিতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য চলাই নিছে৷ কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধবিৰোধী দল–সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত ভৰিৰে মোহাৰি এন এইচ পি চিয়ে বান্ধৰ নির্মাণ দ্রুতগতিত আগুৱাই নিছে৷ তেওঁ কয়– বৈঠকৰ সিদ্ধান্তমর্মে গঠন কৰা বিশেষজ্ঞ কমিটীৰ অসমৰ সদস্যসকলে ইতিমধ্যে স্পষ্ট কৰিছে যে গেৰুকামুখৰ দৰে ঠুনুকা তথা বালিচহীয়া পাহাৰত বৃহৎ নদীবান্ধ নির্মাণ কোনোপধ্যেই যুগুত নহয়৷ তদুপৰি বিশেষজ্ঞসকলে মত দিছে যে এন এইচ পি চিৰ বান্ধৰ নির্মাণ ত্রুটিযুক্ত আৰু বান্ধটোৰ নামনি অংশৰ ৰাইজৰ নিৰাপত্তাৰ কথাটো কোনোধৰণৰ গুৰুত্ব নিদি কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণ কৰা বুলি গুৰুতৰ অভিযোগ আনিছে বিশেষজ্ঞ সমিতিয়ে৷ বিশেষজ্ঞ সমিতিৰ এনে ভয়ংকৰ অভিযোগৰ পাছতো কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে এন এইচ পি চিক প্রকল্প নির্মাণ কৰিবলৈ দি থকাটো সম্পূর্ণ জনস্বার্থ পৰিপন্থী, ই গণতান্ত্রিক দেশৰ চৰকাৰৰ চৰিত্র নহয় বুলি যুৱ–ছাত্র পৰিষদৰ নেতা চাংমাইয়ে ক্ষোভ প্রকাশ কৰে৷
তেওঁ লগতে কয়– বিজেপি দলে ক্ষমতাত নাথাকিলে কিবা এটা কয় আৰু ক্ষমতা লাভ কৰিলে আন কিবা এটা কয়৷ ২০১২–১৩ চনত কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিঙে গেৰুকামুখলৈ আহি জনসভাত অংশ লৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ প্রস্তাৱিত সকলো নদীবান্ধ বন্ধ কৰাৰ হুংকাৰ দিছিল৷ ৰাজনাথ সিঙৰ লগতে অসমৰ আন বিজেপি নেতাসকলেও বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতিছিল৷ কিন্তু কেন্দ্রত আৰু অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত সম্পূর্ণৰূপে ওভতগোৰে নাচিছে বিজেপিৰ মন্ত্রী–বিধায়ক, নেতা–পালিনেতাসকলে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজক সম্পূর্ণৰূপে প্রতাৰণা কৰিছে আৰু অসমৰ ৰাইজক নিঃশেষ কৰি কেৱল বহুজাতিক কোম্পানীৰ স্বার্থত হাজাৰ হাজাৰ কোটি টকাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী, হঠকাৰী নীতিক যুৱ–ছাত্র পৰিষদে যিকোনো মূল্যৰ বিনিময়ত প্রতিহত কৰিবলৈ সাজু আছে আৰু ইয়াৰ বিষম পৰিণতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলি তেওঁ সকীয়নি দিয়ে৷ তেওঁ মন্ত্রী ডাঃ ৰণোজ পেগু, সাংসদ তপন গগৈ, বিধায়ক ভুবন পেগুক ‘বিশ্বাসঘাতক জাতীয় নেতা’ আখ্যা দিয়ে আৰু এইসকল ভুৱা, বিশ্বাসঘাতক নেতাক পুনৰ প্রশ্রয় নিদিবলৈ ৰাইজক আহ্বান জনায়৷
প্রতিবাদী কার্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সহকাৰী সম্পাদক ৰাতুল বৰগোহায়ে ক্ষোভেৰে কয়– এন এইচ পি চিয়ে দেশত ক’ভিড–১৯ৰ বাবে চলি থকা লকডাউনৰ সময়ত লুকাই লুকাই নদীবান্ধৰ কাম বহুদূৰ আগুৱাই নিলে৷ নদীবান্ধৰ সকলো নির্মাণ সামগ্রী বিনাদ্বিধাই সৰবৰাহ কৰিলে৷ ই আমাৰ বাবে অতি পৰিতাপৰ বিষয়৷ তথাপি আমি এন এইচ পি চিক কোনোপধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ সম্পূর্ণ কৰিবলৈ নিদিওঁ৷ এন এইচ পি চি, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমৰ দল–সংগঠন আৰু অসমবাসীক কৰা চূডান্ত প্রতাৰণাৰ উচিত প্রত্যুত্তৰ দিব বুলি ছাত্র নেতা বৰগোহঁায়ে চৰকাৰক হুংকাৰ দিয়ে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প নির্মাণৰ বিৰুদ্ধে যুৱ–ছাত্র পৰিষদে অচিৰেই বৃহৎ গণ আন্দোলনৰ পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ চৰকাৰক হুংকাৰ দিয়ে৷
উল্লেখনীয় যে যুৱ–ছাত্র পৰিষদৰ ৫০০জনীয়া সঁজাতী দলে শনিবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ শেহতীয়া নির্মাণ প্রত্যক্ষ কৰিবলৈ গেৰুকামুখত উপস্থিত হৈছিল৷ কিন্তু ধেমাজি জিলা প্রশাসন আৰু চি আই এছ এফে এন এইচ পি চিৰ কার্যালয়ৰ প্রৱেশ দ্বাৰতে যুৱ–ছাত্র পৰিষদৰ সঁজাতী দলটোক বাধা দিয়ে৷ ইয়াক লৈ দুয়োপক্ষৰ মাজত উত্তপ্ত বাক–বিতাণ্ডাৰ সৃষ্টি হয় আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ পাছত ধেমাজি জিলা প্রশাসন আৰু এন এইচ পি চিৰ মাজত হোৱা আলোচনাৰ অন্তত যুৱ–ছাত্র পৰিষদৰ দহগৰাকী প্রতিনিধিক প্রকল্পৰ মূল বান্ধ প্রত্যক্ষ কৰাৰ অনুমতি দিয়ে যদিও যুৱ–ছাত্র পৰিষদে উক্ত প্রস্তাৱ প্রত্যাখ্যান কৰে আৰু প্রতিবাদস্থলীতে এন এইচ পি চি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পুত্তলিকা দাহ কৰে৷ আজিৰ প্রতিবাদী কার্যসূচীত যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক সৌৰভ দাস, কার্যকৰী সদস্য প্রদীপ শর্মা, ধেমাজি জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শর্মা আৰু সম্পাদক বিষ্ণু শর্মা উপস্থিত থাকে৷