চাইবাৰ অপৰাধীয়ে এতিয়া এক প্ৰকাৰ আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ জনতাক ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো এতিয়া সক্ৰিয় হৈ পৰিছে চাইবাৰ অপৰাধী ৷ সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া চাইবাৰ অপৰাধীয়ে ভয়ংকৰ জাল পেলাইছে ৷ ৰাজ্যখনত দৈনিক সংঘটিত হৈছে চাইবাৰ অপৰাধৰ ন ন কাহিনী ৷
এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ ক্ৰাইমৰ ঘাটি হৈ পৰিছে তেজপুৰ ৷ জানিব পৰা মতে, তেজপুৰৰ পৰা আফ্ৰিকা, আমেৰিকাৰ ফোন নম্বৰ ব্যৱহাৰ কৰি অসমৰ যুৱক-যুৱতীক জালত পেলোৱা হয় ৷ শেহতীয়াকৈ এই চক্ৰটোৰ জালত পৰি এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিবলৈ উদ্যত হৈছিল ৷ ইপিনে যুৱতী গৰাকীয়ে সমগ্ৰ বিষয়টো টুইটযোগে আৰক্ষীক অৱগত কৰাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লৈ শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷
সেই অনুসৰিয়েই শোণিতপুৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই ৷ অভিযান কালত ইতিমধ্যে শোণিতপুৰ আৰক্ষীয়ে তেজপুৰ চহৰৰ মাজ মজিয়াৰ পৰা কম্পিউটাৰত উচ্চ শিক্ষা গ্ৰহণ কৰা ৱাহিদ আলম নামৰ যুৱক জনক আটক কৰে ৷ আটকাধীন যুৱকজনে সম্প্ৰতি কম্পিউটাৰ শিক্ষাৰ ডিগ্ৰী সমাপ্ত কৰাৰ পাচতে হায়দৰাবাদত এম টেকৰ পাঠ্যক্ৰম কৰি থকা বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে, ধৃত ৱাহিদে যুৱতী গৰাকীৰ WhatsAppৰ জৰিয়তে অশ্লীল ফটো সংগ্ৰহ কৰি কৰি গৈছিল ব্লেকমেইল ৷ সম্প্ৰতি ৱাহিদৰ পৰা মোবাইল আৰু লেপটপৰ লগতে ভালে সংখ্যক চিম কাৰ্ড জব্দ কৰাৰ পাচতে হতবাক হৈ পৰিছে আৰক্ষী ৷ যুৱকজনৰ কাণ্ড প্ৰত্যক্ষ কৰি শোণিতপুৰৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় পৰশুৰাম ঘনাৱাটে সাংবাদিকৰ আগত কয় যে, কম্পিউটাৰ বিজ্ঞানৰ জ্ঞান আহৰণ কৰা তথা অভিজ্ঞতা পূৰ্ণ ব্যক্তিয়ে এনে কাৰ্য কৰাতো কেতিয়াও সমৰ্থন যোগ্য হ’ব নোৱাৰে ৷
মনকৰিবলগীয়া যে, শোণিতপুৰ আৰক্ষীয়ে জিলাখনত বৰ্তমানলৈকে মুঠ ৫০ টা চাইবাৰ ক্ৰাইমৰ ঘটনা পোহৰলৈ অহা বুলি সদৰি কৰিছে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক ড৹ ধনঞ্জয় পৰশুৰাম ঘনাৱাটে ।
Source: ETV Assam