বি টি আৰত ইউ এল বি উগ্ৰপন্থী সংগঠনৰ ১০ গৰাকী সদস্য আটক

1 min read

বিটিআৰত নতুনকৈ আত্মপ্ৰকাশ কৰি চৰকাৰক ভাবুকি দিয়া সশস্ত্ৰ সংগঠন ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড চমুকৈ ইউ এল বি (ULB)ৰ 10 গৰাকীকৈ কেডাৰক আটক ৷ বিগত 48 ঘন্টাত বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু চিআৰপিএফে পৃথকে পৃথকে যৌথ অভিযান চলাই ইউ এল বিৰ কেডাৰ কেইজনক আটক কৰিছে ৷ অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা বিটিআৰৰ মহাপৰিদৰ্শক এল আৰ বিঞ্চৈয়ে প্ৰকাশ কৰিছে এই কথা ৷

 

ইয়াৰে কোকৰাঝাৰত 8 জনক, চিৰাঙত 1 জন আৰু বাক্সা জিলাত এজনক আটক কৰা বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ কোকৰাঝাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শুকুৰবাৰে বিয়লি আয়োজিত এক সংবাদমেলত বিটিআৰৰ আৰক্ষী মহাপৰিদৰ্শক এল আৰ বিঞ্চৈয়ে এই সন্দৰ্ভত কয় যে, ইউ এল বিৰ 22 জনীয়া সদস্যৰ তালিকা আৰক্ষীৰ হাতত আহি পৰিছে ৷ ইতিমধ্যে ইয়াৰে 10 জনক আটক কৰা হৈছে বুলি উল্লেখ কৰি এইয়া আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ বৃহৎ সাফল্য বুলি মন্তব্য কৰে বিষ্ণৈয়ে ৷

উল্লেখ্য যে, আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত ধৃত ইউ এল বি কেডাৰ কেইজনৰ পৰা 21 খন ধনদাবী পত্ৰ, 12 টা মোবাইল আৰু দুটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰিছে ৷ আনহাতে ইউ এল বিৰ ভাইৰেল হোৱা ভিডিঅ’ত থকা দহ জনৰ ছয় জনক চিনাক্ত কৰি ইতিমধ্যে ইয়াৰে দুই জনক আৰক্ষীয়ে আটক কৰা বুলিও সদৰী কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

সংবাদমেলত ইউ এল বিৰ বিৰুদ্ধে চলোৱা অনুসন্ধানত সংগঠনটোৰ হাতত মজুত থকা 10 টা মাৰণাস্ত্ৰৰ ভিতৰত ছটা অত্যাধুনিক অস্ত্ৰ থকাৰ তথ্য পোৱা বুলি সদৰি কৰি দলটোৰ বিৰুদ্ধে অধিক অভিযান চলি থাকিব বুলি সদৰী কৰে বিষ্ণৈয়ে ৷ বড়ো ভূমিত তিনিখনকৈ শান্তি চুক্তি সম্পাদন হোৱাৰ পিছতো পুনৰ সশস্ত্ৰ সংগঠন ইউ এল বিৰ জন্মই জনতাৰ মাজত আতংকৰ সৃষ্টি কৰা বুলিও উল্লেখ কৰে শীৰ্ষ আৰক্ষী বিষয়া এল আৰ বিষ্ণৈয়ে ৷

সংবাদমেলত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, চিআৰপিএফ ডিআইজি জয়দেৱ কেশৰী আৰু 129 চিআৰপিএফৰ অধিনায়ক গুলাৱ সিং উপস্থিত আছিল ৷

You May Also Like

More From Author