মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “জনজাতীয় বিশ্বাস আৰু সংস্কৃতি” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে জনজাতীয় লোকসকলৰ ভাষা-সংস্কৃতি, পৰম্পৰাগত খাদ্য, সাজ-পোছাক, আদিৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ বাবে লোৱা পদক্ষেপক অনুসৰি অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সমগ্ৰ অসমতে সিচৰিত হৈ থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় নেতা তথা বয়োজেষ্ঠ ব্যক্তি সকলক সাক্ষাৎ কৰি কলা- সংস্কৃতি সংৰক্ষণৰ বাবে পৰামৰ্শ বিচাৰি সমগ্ৰ অসম পৰিভ্ৰমণ ৰ কাৰ্যসূচী হিচাপে আজি বোকাজানত উপস্থিত হয়।
আজি উক্ত কাৰ্যসূচীত উপস্থিত হোৱাৰ পূৰ্বে শক্তিপৃথ দেউপানী দুৰ্গা মন্দিৰত পূজা-অৰ্চনা কৰি সমগ্ৰ অসমবাসীৰ মঙ্গল কামনা কৰে উধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ উপাধ্যক্ষ ডা: নোমল মমিন আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।
আজিৰ ভাষণ প্ৰসংগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে, প্ৰাচীন কলীয়া জনগোষ্ঠীয় খাদ্য, সাজ-পোছাক, কলা-সংস্কৃতিৰ অস্তিত্ব বজায় ৰখাৰ বিষয়ে আলোচনা কৰা ৰ উপৰিও জনগোষ্ঠীয় সুৰা প্ৰচলনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে আৰু পশ্চিমীয়া দেশৰ পৰা আমদানি কৰা সুৰায় জনগোষ্ঠীয় ৰাইজৰ মাজত আৰ্থিকভাৱে আঘাত দিয়াৰ উপৰিও স্বাস্থ্যৰ বাবে যে ক্ষতিকাৰক বুলি মন্তব্য প্ৰকাশ কৰে।