গুৱাহাটীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ । সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল কিশোৰী ডিম্পল কুমাৱতক । অৱশেষত আৰক্ষী জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । হত্যাকাণ্ডৰ ঘটনাটো সন্দৰ্ভত লতাশিল আৰক্ষীয়ে আশিক গুপ্তা, জিতু শৰ্মা আৰু কৰণ দাসক সোধা-পোছাৰ বাবে আটক কৰি জেৰা অব্যাহত ৰাখিছিল । আৰক্ষীৰ জেৰাত হত্যাকাৰী আশিক গুপ্তাই কেনেদৰে নিজৰ সম্পৰ্কীয় ভগ্নীক হত্যা কৰিছিল তাৰ সবিশেষ বৰ্ণনা কৰে ।
ঘৰুৱা কন্দলৰ বাবে দুয়োৰে মাজত প্ৰথমে কাজিয়াৰ সৃষ্টি হয় আৰু প্ৰথমে এজনে সিজনক চৰিয়াই । ইয়াৰ পাছতে আশিক গুপ্তাই পটাগুটিৰে প্ৰহাৰ কৰে ডিম্পল কুমাৱতক । লগে লগে বাগৰি পৰি সংজ্ঞাহীন হৈ পৰা ডিম্পল কুমাৱতক আশিক গুপ্তাই প্ৰেচাৰ কুকাৰেৰে প্ৰহাৰ কৰাৰ উপৰি চুৰীৰে উপৰ্যুপৰি আঘাত কৰিছিল ।
নৃশংসভাৱে আক্ৰমণ কৰাৰ ফলত কিশোৰীগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় । ঘটনাটো সংঘটিত কৰি ডিম্পল কুমাৱতৰ মোবাইল ফোনটো লৈ আঁতৰি গৈছিল আশিক গুপ্তা । ইয়াৰ পিছতেই দিনৰ প্ৰায় ১১.৩০ বজাত ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ডিম্পল কুমাৱতক । মৃতদেহ উদ্ধাৰৰ পিছতেই আৰক্ষীয়ে হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল । আৰক্ষীৰ জেৰাত হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ পাছতে অভিযুক্ত আশিক গুপ্তাক লৈ আৰক্ষীয়ে অভিযান চলাইছিল ।
ইফালে মৰণোত্তৰ পৰীক্ষাৰ পাছত বৃহস্পতিবাৰে বিয়লি ডিম্পল কুমাৱতৰ মৃতদেহ উজানবজাৰৰ বাসগৃহলৈ অনা হয় । বিয়লি নৱগ্ৰহ শ্মশানত কিশোৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয় । উল্লেখ যে, ডিম্পল কুমাৱতৰ হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবীত পুৱাৰ ভাগত স্থানীয় ৰাইজে উজান বজাৰ অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমদল কৰি গৈ লতাশিল থানা প্ৰতিবাদ সাব্যস্ত কৰিছিল ।