অসম–নাগালেণ্ড সীমান্তত ৮ কোটিৰ হেৰ’ইনসহ ধৃত মৰিগাঁৱৰ সূৰুয আলী আটক

0 min read

অসম–নাগালেণ্ড সীমান্তৱর্তী এলেকাত কার্বি আংলং জিলাৰ আৰক্ষীয়ে দেওবাৰে নিচেই পুৱাৰ ভাগতে বুজন পৰিমাণৰ হেৰ’ইনসহ এজন ড্রাগ্ছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে৷

এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, এক বিশেষ সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে নিচেই পুৱাতে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মণি চমুৱা, খটখটি আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া মৌবলিক ব্রহ্ম, উপ–পৰিদর্শক চৰণ মোহন চেতিয়া, নিতুল শইকীয়া আৰু সহকাৰী উপ–পৰিদর্শক অৰুণ নাথৰ সহযোগিতাত আৰক্ষী আৰু কমাণ্ডো বাহিনীৰ এটা দলে ড্রাগ্ছবিৰোধী অভিযান আৰম্ভ কৰে৷

উক্ত অভিযানত দেওবাৰে পুৱা প্রায় ৬.৩০ বজাত খটখটি থানাৰ অন্তর্গত বালিজান ফৰেষ্ট গেট তিনিআলিত অভিযানকাৰী দলটোৱে এন এল–০৭ এফ এ–২৪৮২ নম্বৰৰ এখন অ’টোৰিক্সা জব্দ কৰি তালাচী চলায়৷ জব্দ হোৱা অ’টোৰিক্সাখনৰ পৰা অভিযানকাৰী দলটোৱে ৭৮টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্রায় এক কিলোগ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰমূল্য কমেও প্রায় ৮ কোটি টকা বুলি অনুমান কৰা হৈছে৷

এই সন্দর্ভত আৰক্ষীয়ে এটা ড্রাগ্ছ সৰবৰাহকাৰীকো গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীটো মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তর্গত তাঁতীকটা পথাৰ নিৱাসী সূৰুয আলী (৪০) বুলি চিনাক্ত কৰা হৈছে৷

You May Also Like

More From Author