আই পি এলৰ ইতিহাসত প্রথমবাৰৰ বাবে একে সময়ত অনুষ্ঠিত হ’ব দুখন মেচ৷ সম্প্রতি সংযুক্ত আৰব আমীৰশ্বাহীত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অন্তিম দুখন লীগ মেচ একে সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বি চি চি আয়ে৷ দৰাচলতে এদিনত দুখন মেচ থাকিলে প্রথমখন মেচ বিয়লি ৩.৩০ বজাত আৰু দ্বিতীয়খন মেচ সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হয়৷ কিন্তু চলিত প্রতিযোগিতাখনৰ ৮ অক্টোবৰত হ’বলগীয়া লীগৰ দুয়োখন অন্তিম মেচ সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব বুলি বি চি চি আইৰ সচিব জয় শ্বাহে এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰী কৰিছে৷
প্লে অফত স্থান লাভৰ বাবে ৰান ৰেটৰ ভিত্তিত প্রথমখন মেচৰ ফলাফল চাই যাতে দ্বিতীয়খন মেচৰ দল লাভান্বিত নহয় তাৰ প্রতি লক্ষ্য ৰাখিয়েই ৮ অক্টোবৰত হ’বলগীয়া মেচ দুখন সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ব’র্ডে৷ ৮ অক্টোবৰত হ’বলগীয়া লীগৰ অন্তিম দুখন মেচত ছানৰাইজার্ছ হায়দৰাবাদে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ ইপিনে, ইণ্ডিয়ান প্রিমিয়াৰ লীগত অন্তর্ভুক্ত হ’বলগীয়া নতুন দল দুটাৰ নাম অহা ২৫ অক্টোবৰত ঘোষণা কৰিব ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷