অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক

0 min read

এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীয়ে অসম আৰক্ষীৰ জালত পেলালে মেঘালয়ৰ মহিলাক। অসম আৰক্ষীয়ে মেঘালয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। মেঘালয়ৰ মহিলা ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকী বৰ্তমান ভঙাগড় থানাৰ আলহী।

মহানগৰ আৰক্ষীয়ে কিছুদিন পূৰ্বে নিচাজাতীয় য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰিছিল এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। ৮৫০০ টা য়াবা টেবলেটসহ গ্ৰেপ্তাৰ হোৱা মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক আৰক্ষীয়ে জেৰা চলাই সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত অন্য এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্যৰ ভিত্তিত শ্বিলংত মেঘালয় আৰক্ষীৰ সহযোগত মহানগৰ আৰক্ষীয়ে অভিযান চলাই দিমচিয়ানিম নামৰ ৩৩ বছৰীয়া মহিলা ড্ৰাগছ সৰবৰাহকাৰী গৰাকীক গ্ৰেপ্তাৰ কৰে। মেঘালয়ৰ ড্ৰাগছ সৰবৰাহকাৰী মহিলা গৰাকী বৰ্তমান ভঙাগড় থানাৰ আলহী।

মহিলা গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল ফোন আৰু নগদ ৩৫,৬০০ টকা জব্দ কৰিছে। মহিলা গৰাকীক লগত সম্পৰ্ক থকা অন্য ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য বিচাৰি আৰক্ষীয়ে মহিলা গৰাকীক জেৰা চলাই আছে। পৰৱৰ্তী সময়ত বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

You May Also Like

More From Author