দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত চৰকাৰে শনিবাৰে ত্ৰিপাক্ষিক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰে । ” ঐতিহাসিক কাৰ্বি আংলং চুক্তি স্বাক্ষৰ । মোডী চৰকাৰ দশকপুৰণি সংকট সমাধান, অসমৰ আঞ্চলিক অখণ্ডতা নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” গৃহমন্ত্ৰী অমিত শ্বাহে কয় ।
উল্লেখযোগ্য যে, কাৰ্বি পিপলছ লিবাৰেচন টাইগাৰ (KPLT) আৰু ইউনাইটেড পিপলছ লিবাৰেচন আৰ্মী (UPLA)ৰ তিনিটা গোট – কাৰ্বি লংৰি এন চি হিলছ লিবাৰেচন ফ্ৰণ্ট (KLNLF), পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি লংৰি (PDCK) এই ছয়টা সংগঠনৰ প্ৰতিনিধি সকলে শুকুৰবাৰেই এই চুক্তিৰ বাবে নতুন দিল্লীত উপস্থিত হৈছিল৷ চৰকাৰী সূত্ৰ অনুসৰি, বিদ্ৰোহী গোটবোৰৰ কিছু দাবী হৈছে কেএএচিলৈ পোনপটীয়াকৈ স্থানান্তৰ, এছটি(ST) সকলৰ বাবে আসন সংৰক্ষণ, পৰিষদলৈ অধিক ক্ষমতা, অষ্টম অনুসূচীত কাৰ্বি ভাষা অন্তৰ্ভুক্ত কৰা আৰু অধিক সাংসদ/বিধায়কৰ আসন তথা 1,500 কোটিৰ বিত্তীয় পেকেজ ধাৰ্য কৰা ।