বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ২১২ জন সদস্যৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্তৰ এই তালিকাত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়কৰ উপৰি নিখিল ভাৰত কংগ্ৰেছ কমিটী আৰু প্ৰদেশ কংগ্ৰেছৰ সদস্যও আছে ৷
বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ অনুশাসন তদন্ত কমিটীৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহে । সংবাদমেলত তেওঁ কয়, বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থীৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ প্ৰাৰ্থীক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় তথা সমৰ্থন কৰি দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ দলৰ ২১২ জন সদস্যৰ বিৰুদ্ধে অভিযোগ পোৱা গৈছে ।
১৫ খন জিলা কংগ্ৰেছ কমিটীয়ে এই অভিযোগসমূহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ওচৰত দাখিল কৰিছে । প্ৰদেশ কংগ্ৰেছে এই অভিযোগসমূহ পৰীক্ষা কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিছিল । এই তদন্ত কমিটীয়ে অভিযোগসমূহ পৰীক্ষা কৰে আৰু যিসকল সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
অভিযুক্ত কংগ্ৰেছ সদস্যসকলে আত্মপক্ষ সমৰ্থন কৰি ১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব । অভিযোগ সমূহৰ প্ৰতিলিপি লগত গাঁঠি দিয়া হ’ব । তদুপৰি অনুশাসন তদন্ত কমিটীয়ে ব্যক্তিগতভাৱেও অভিযুক্তসকলৰ শুনানি গ্ৰহণ কৰিব বুলি কয় ভৰত চন্দ্ৰ নৰহে ৷
নৰহে লগতে কয়, অনুশাসন তদন্ত কমিটীয়ে অভিযোগসমূহৰ পুংখানুপুংখভাৱে তদন্ত কৰি প্ৰতিবেদন প্ৰদেশ কংগ্ৰেছৰ হাতত জমা দিব । ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছে অভিযুক্তসকলৰ ক্ষেত্রত ব্যৱস্থা গ্ৰহণ কৰিব । প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্যৰ ক্ষেত্রত অভিযোগ প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ প্ৰেৰণ কৰিব ।
উল্লেখ্য যে, ১৫ খন জিলাৰ জিলা কংগ্ৰেছ কমিটীয়ে ২১২ জনৰ বিৰুদ্ধে দিয়া অভিযোগৰ জিলা ভিত্তিক তালিকাখন এনেধৰণৰ-কাৰ্বি আংলং জিলাৰ ৮ জন, লখিমপুৰৰ ৫১ জন, ডিব্ৰুগড়ৰ ১২ জন, ধুবুৰীৰ ২৬ জন, চৰাইদেউৰ ৮ জন, তিনিচুকীয়াৰ ২৫ জন, শোণিতপুৰৰ ৮ জন, বিশ্বনাথৰ ২ জন, কামৰূপ মহানগৰৰ ১৯ জন, হোজাইৰ ৮ জন, কামৰূপৰ ২ জন, নগাঁৱৰ ৫ জন, কৰিমগঞ্জৰ ২৯ জন, হাইলাকান্দিৰ ৫ জন আৰু বঙাইগাঁৱৰ ৪ জন ।