কুকি বিদ্ৰোহী সংগঠনৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শান্তি চুক্তিৰ বাবে কুকি ষ্টুডেণ্ট অৰ্গেনাইজেছন, চমুকৈ কেএছঅ’ আৰু কুকি নেছনেল এছেম্বলী চমুকৈ কেএনএই আজি ডিফু ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ কাৰ্বি আংলঙৰ স্থায়ী শান্তিৰ স্বাৰ্থত যোৱা চাৰি ছেপ্টেম্বৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাৰ্বি আংলঙৰ ছটাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰে ৷ যদিও এই প্ৰক্ৰিয়াত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কুকি জনজাতিক সামৰি নোলোৱা কাৰ্যক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে জিলাখনৰ কুকি জাতীয় সংগঠনসমূহ ।
![protest for kuki peace accord](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu18092021kukiorganisationsprotestforsignedmoswithkukitalkslovermilitants_18092021170747_1809f_1631965067_1016.jpg)
জিলাখনৰ অন্য প্ৰাক্তন উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে যদিও কুকি অস্ত্ৰবিৰত সংগঠনসমূহৰ ক্ষেত্ৰত তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই ।
এনে পৰিস্থিতিত, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনস্থ কুকি জনজাতিৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতেও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অতি শীঘ্ৰে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে সংগঠনসমূহে দাবী জনায় । উক্ত দাবীৰ সমৰ্থনত প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।