শ্বেৰমান আলীক বৰঘৰত বহুৱাই কংগ্ৰেছৰ অসমীয়া নেতাই ৰক্ষনাবেক্ষন দিছে – এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসম চৰকাৰৰ জিলা ভিওিত ধেমাজিত অনুস্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকৰ কাৰ্য্যসুচীৰ পূৰ্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰা অপ্ৰমাণ সুচক মন্তব্যত তীব্ৰ প্ৰতিক্ৰিড়া প্ৰকাশ কৰি কয় যে – শ্বেৰমান আলী কোন সেয়া সকলোৱে জানে ৷
এনেকুৱা ব্যক্তিক আমাৰ বৰঘৰলৈ কেতিয়াও মাতিব নালাগে ৷ যেনেকৈ ৮৩ ত আছিল তেনেকৈ থাকিব দিব লাগে ৷ মই যিখিনি কৰি আছোঁ তেনেকৈ কৰি থকাটো অসমৰ ৰাইজে বিছাৰে ৷ সমস্যাটো কেৱল শ্বেৰমান আলীৰ হে বুলি মন্তব্য কৰে ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে ধেমাজি পথ সংমণ্ডল , অংগনবাড়ী কেন্দ্ৰ , বাটঘৰীয়া ক্ৰীড়া প্ৰকল্পত সামগ্ৰী বিতৰণৰ কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে ৷