চাহ বাগিচা অধ্যুষিত অঞ্চল সমূহত বসবাস কৰা চাহ জনজাতি লোকসকলৰ কৰম পূজা হৈছে এক প্ৰকাৰৰ এনে উৎসৱ,যত নেকি সকলো লোক ওলাই আহি এই উৎসৱত নিজৰ নিজৰ পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰি আনন্দত মগ্ন হোৱা পৰিলক্ষিত হয় |
ওদালগুৰি জিলাৰ ঔৰঙ্গাজুলি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা গৰুৱাঝাৰ উপ-শাখা সমিতিৰ উদ্যোগত অসম চাহ জনজাতি চাহ জনজাতি ছাত্ৰ সন্থা ওৰঙ্গাজুলি প্ৰাথমিক সমিতি, এ চি এম এছ আৰু চি আই টি ইউ সহযোগত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হয়। চাহ জনগোষ্ঠীয় লোকসকলৰ পৰম্পৰাগত ঝুমুৰ নৃত্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে | সমান্তৰালকৈ তেওঁলোকৰ থলুৱা গীত সমূহো পৰিৱেশন কৰা পৰিলক্ষিত হয় | উক্ত অনুষ্ঠানত আটছা’ৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি দ্বীপ তান্তিয়ে কৰম উৎসৱৰ সকলোকে শুভেচ্ছা জনায় কয় যে, চৰকাৰে পোন প্ৰথমবাৰৰ বাবে চলিতবৰ্ষত কৰম পূজা উপলক্ষে চৰকাৰী চুটি ঘোষণা কৰাত নথৈ আনন্দিত হৈছো | কিন্তু বাগানত কৰ্মত লোকসকল সিদিনা এই চুটিৰ পৰা বঞ্চিত হ’ল,কিয়নো চৰকাৰে চৰকাৰী চুটি হে ঘোষণা কৰিছিল | বাগিছা বন্ধ ঘোষণা কৰা নাছিল | আনহাতে প্ৰসিদ্ধ আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক খেলুৱৈ পিংকি কৰ্মকাৰক চৰকাৰে অস্থায়ী চাকৰি প্ৰসংগত দ্বীপ তান্তিয়ে কয় যে, হিমা দাসক যদি ডি এছ পি’ৰ পদ দিব পাৰে তেন্তে আমাৰ পিংকি কৰ্মকাৰক কিয় স্থায়ীভাৱে চৰকাৰী চাকৰি প্ৰদান কৰিব নোৱাৰিলে |