মহানগৰীত দিনদুপৰতে সংঘটিত হৈছে ডকাইতি ৷ ইটাভাটা দাৰগা পথত সংঘটিত হৈছে এই ঘটনা । মঙলবাৰে আবেলি প্ৰায় ৪.১০ মান বজাত সংঘটিত হয় এই ঘটনা । আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধীৰেণপাৰা ইটাভাটা দাৰগা পথৰ নিবাসী গৌতম পালৰ ঘৰত আবেলি ৪.১০ মান বজাত এটা ৬ জনীয়া ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি নগদ ধনৰ লগতে সোণৰ অলংকাৰ লুটি লৈ যায় ।
উল্লেখযোগ্য যে, ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি শিশু মূৰত পিষ্টল থৈ ঘৰৰ নগদ ধন আৰু সোণ ৰূপৰ আ-অলংকাৰ লৈ যায় । ইপিনে ডকাইতৰ দলটো যোৱাৰ সময়ত বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি থৈ যোৱা দেখি লিটন মজুমদাৰে চিঞৰ বাখৰ কৰিবলৈ ধৰে ৷
তাৰপাছতে ডকাইতৰ দলটোৱে লিটন মজুমদাৰৰ মূৰত গুলিচালনা কৰি ঘটনাস্থলীত উপস্থিত থকা দুজন লোকক বন্দুক দেখুৱাই স্কুটী দুখন লৈ পলায়ন কৰে ঘটনাস্থলীৰ পৰা । আনহাতে খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লিটন মজুমদাৰক হায়াত হাস্পতালত ভৰ্তি কৰায় ।
উল্লেখযোগ্য যে, ডকাইতৰ দলটোৱে লৈ অহা AS-01DJ-9604 নম্বৰৰ ডাষ্টাৰ বাখন ঘটনাস্থলীতে এৰি পলায়ন কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ডাষ্টাৰ বাহনখন জব্দ কৰি থানালৈ লৈ আহে ৷
মনকৰিবলগীয়া যে, অসম আৰক্ষী যিমানেই কঠোৰ হৈছে সিমানেই গুৱাহাটী মহানগৰীত অপৰাধ জনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ৷ শেহতীয়াকৈ ৰাজকন্যা বৰুৱা নামৰ এগৰাকী মডেলে কেইবাজনো শ্ৰমিকক গাড়ীয়ে মহতিয়াই লৈ যায় ৷ যাৰফলত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
ইপিনে কেইবাজনো শ্ৰমিকক খুন্দিয়াই আঘাত প্ৰাপ্ত কৰা ৰাজকন্যা বৰুৱাই এদিনৰ পাছতে জামিন লাভ কৰিছিল ৷ সম্প্ৰতি যি কেইজন আৰক্ষী বিষয়াই ৰাজকন্যা বৰুৱাক জামিন দিছিল তেওঁলোকক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰিজাভ ক্ল’জ কৰিছে আৰক্ষীয়ে ৷ এনেবোৰ ঘটনাই গুৱাহাটী মহানগৰী নিৰাপত্তাৰ দিশটো উদঙাই দিছে ৷