লখিমপুৰবাসীৰ বাবে এক সু-খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ মাইনা চুতীয়াই । মাত্ৰ ৩০ ছেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান অধিকাৰ কৰিলে যুৱতীগৰাকীয়ে ৷
মাইনা চুতীয়া ঘূনাসূঁতিৰ কৃষ্ণপুৰ গাঁও নিবাসী ভাইটি চুতীয়া আৰু মামণি চুতীয়াৰ কন্যা । লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰী মাইনাৰ ইতিপূৰ্বে এখন কাব্য সংকলন প্ৰকাশ পাইছে ৷ ইয়াৰ লগতে বাঁহী বাদন আৰু নাগাৰা বাদনৰো চৰ্চা অব্যাহত ৰাখিছে মাইনাই ।
উল্লেখ্য যে, 2021 বৰ্ষৰ আগষ্ট মাহত অনলাইনযোগে অনুষ্ঠিত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল মাইনাই ৷ কাল কৰ’ণাৰ বাবে এই প্ৰতিযোগিতাৰ ফলাফলৰ মানপত্ৰ, পদক, বেজ আৰু পৰিচয় পত্ৰ আদি ডাকযোগে লাভ কৰে মাইনাই ৷ ছাত্ৰীগৰাকীৰ এনে সাফল্যৰ বাবে সকলোৱে তেওঁক জনাইছে অভিনন্দন ।