এদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাজকন্যা বৰুৱা; ডাঃ নভনীল বৰুৱাক চমন

1 min read

ৰুক্মিনীগাঁও হিট এণ্ড ৰাণ গোচৰত ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । বুধবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজকন্যা বৰুৱাক শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আৱেদন নাকচ কৰাৰ লগতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

আদালতৰ নিৰ্দেশৰ পাচতে ৰাজকন্যা বৰুৱাৰ চালকৰ অনুজ্ঞাপত্ৰ পৰিবহন বিভাগে জব্দ কৰি বাতিল কৰে । আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল ৰাজকন্যাক বৰুৱাক । কিন্তু আদালতে এদিনৰ জিম্মাত দিয়ে । আনহাতে ৰাজকন্যা বৰুৱাৰ ড্ৰাগছ সংক্ৰান্তীয় পৰীক্ষা কৰাও হ’ব । বৰ্তমান ৰাজকন্যা বৰুৱাক পানবজাৰ থানাত ৰখা হৈছে আৰু তাতেই জেৰা চলোৱা হ’ব ।

উল্লেখ যে, ১ অক্টোবৰৰ নিশা ১.৩০ বজাত সুৰামত্ত হৈ ৰাজকন্যা বৰুৱাই গাড়ীৰে ৰাজপথত কৰ্মৰত আঠজনকৈ শ্ৰমিকক মহতীয়াই নিছিল । ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি ইতিমধ্যে কাটি পেলাব লগীয়া হৈছে । ঘটনাটো সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ আটক কৰিছিল যদিও ২৪ ঘণ্টাৰ পাছত জামিন লাভ কৰিছিল ।

এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি ঘটনাটোত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছিল । মুখ্যমন্ত্রীৰ সতৰ্কবাণীৰ পাছতেই সমগ্ৰ ঘটনাই নতুন মোৰ লয় । ঘটনা সন্দৰ্ভত দুজনকৈ আৰক্ষীৰ লোকক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত দিয়া হয় ।

ইফালে, ৰাজকন্যা বৰুৱালৈ জাৰি কৰা হয় চমন । কিন্তু ৰাজকন্যা বৰুৱাই থানাত হাজিৰ হোৱাৰ বিপৰীতে অসুস্থতাৰ অজুহাতত GNRCৰ ICUত ভৰ্তি হৈ আছিল । এইক্ষেত্রত ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল ব’ৰ্ড গঠন কৰা হয় । ছয়জনীয়া মেডিকেল ব’ৰ্ডে বুধবাৰে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি সুস্থতাৰ প্ৰমানপত্র দিয়াৰ পাছতেই আৰক্ষীয়ে জি এন আৰ চি হাস্পতালৰ পৰা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে ৷

ৰাজকন্যা বৰুৱা অসুস্থ বুলি মিছা প্ৰমাণপত্র দি চিকিৎসালয়ত ভৰ্তি কৰোৱা জি এন আৰ চিৰ বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱাক আৰক্ষীয়ে জেৰা কৰে । লগতে জি এন আৰ চি হাস্পতালত আৰক্ষীয়ে তালাচী চলায় । মিছা প্ৰমাণপত্র দিয়াৰ ঘটনা সন্দৰ্ভত ডাঃ নৱনীল বৰুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ডাঃ নৱনীল বৰুৱাই কিয় ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে মিছা প্ৰমাণপত্র দিলে তাক লৈ চলিছে চৰ্চা । এই ঘটনাৰ বাবে ডাঃ নৱনীল বৰুৱা বিপদত পৰাৰ সম্ভাৱনা আছে । ঘটনা সন্দৰ্ভত চিকিৎসকজনলৈ আৰক্ষীয়ে জাৰি কৰিছে চমন । শুকুৰবাৰৰ ভিতৰত তেওঁ থানাত হাজিৰ হ’ব লাগিব । ডাঃ নৱনীল বৰুৱা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

You May Also Like

More From Author