ঘৰলৈ অহাৰ বাবে বুকিং কৰিছিল ৰে’লৰ টিকট, কিন্তু নিয়তিয়ে নিদিলে, দিল্লীত শ্বহীদ গোসাঁইগাঁৱৰ স্বপন বৰ্মন

1 min read

 

দিল্লীত শ্বহীদ হ’ল গোসাঁইগাঁৱৰ ভাৰতীয় সেনাৰ জোৱান স্বপন বৰ্মন। কালি নিশা শ্বহীদগৰাকীৰ নিথৰ দেহ স্বগৃহলৈ অনাৰ পিছতে শোকাকুল হৈ পৰে পৰিৱেশ। দুৰ্গোৎসৱৰ সময়তে ঘৰলৈ অহাৰ বাবে ৰে’লৰ টিকট বুকিং কৰি থৈছিল শ্বহীদ স্বপন বৰ্মনে। কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁক সময় নিদিলে।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ মিলন বজাৰ ভিচিডিচিৰ অন্তৰ্গত মোৱামাৰী বৰ্মনপাৰা নিৱাসী সেনা জোৱান স্বপন বৰ্মন (৩৩) যোৱা ৮ অক্টোবৰত কৰ্মস্থলী দিল্লীত শুই থকা অৱস্থাতে মৃত্যুমুখত পৰে।

বিছনাৰ পৰা উঠি নহা দেখি সতীৰ্থসকলে খবৰ লবলৈ যাওঁতে স্বপনৰ মৃত্যুৰ কথা পোহৰলৈ আহে৷ শুই থকা অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে৷

কিছুদিন পূৰ্বে পত্নীক ফোনযোগে পূজাত ঘৰলৈ অহাৰ কথা জনাইছিল তেওঁ। ইয়াৰ বাবে ৰে’লৰ টিকটো বুকিং কৰিছিল। কিন্তু ঘৰলৈ আহিল তেওঁৰ প্ৰাণহীন শৰীৰ।

কালি স্বপনৰ মৃতদেহ নিজ গৃহলৈ অনা হয়। গাঁওবাসীয়ে শেষ শ্ৰদ্বাঞ্জলি জনোৱাৰ অন্তত স্বপনৰ শেষকৃত্য সম্পন্ন কৰা হয় কালিয়েই৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী স্বপনৰ মৃত্যুত এতিয়া শোকাকুল হৈ পৰিছে গোসাঁইগাঁও।

You May Also Like

More From Author