কাইলৈ পাঁচ সমষ্টিৰ উপ–নির্বাচন

1 min read

ৰাজ্যৰ পাঁচ সমষ্টি ক্রমে গোসাঁইগাঁও–ভৱানীপুৰত অহা ৩০ অক্টোবৰত অনুষ্ঠিতব্য উপ–নির্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে সম্পন্ন কৰিবলৈ সকলো ধৰণে প্রস্তুত হৈছে নির্বাচন আয়োগ৷ ফলপ্রসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই ভোটগ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেব কাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ সেইদৰে আইন–শৃংখলা, ব্যয় আদি দিশসমূহ নিৰীক্ষণ কৰিবলৈ ইতিমধ্যে নিয়োগ কৰা হৈছে সাধাৰণ আৰক্ষী আৰু ব্যয় পর্যবেক্ষক৷

উল্লেখ্য যে পাঁচ সমষ্টি দখলৰ যুঁজত অৱতীর্ণ হোৱা ৩১ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব মুঠ ৭,৯৬,৪৫৬জন ভোটাৰে৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি পাঁচ সমষ্টিত মুঠ ১,১৭৬টা ভোটগ্রহণ কেন্দ্র থাকিব আৰু প্রতিটোতে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ ভোটগ্রহণ কেন্দ্রসমূহৰ ভিতৰত গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নিত ১৮৩টা আৰু থাওৰাত ১৭৩টা৷ ইয়াৰে ৯৮৯টা মূল ভোটকেন্দ্র আৰু ১৮৭টা সহযোগী ভোটকেন্দ্র৷ ৱেব কাষ্টিং ব্যৱস্থাৰ জৰিয়তে ভোটকেন্দ্রসমূহত ভোটগ্রহণ প্রক্রিয়া জিলা নির্বাচনী বিষয়াৰ কার্যালয়, মুখ্য নির্বাচনী বিষয়াৰ কার্যালয় আৰু নির্বাচন আয়োগৰ কার্যালয়ৰ পৰা পোনপটীয়াকৈ পর্যবেক্ষণ কৰিব পাৰিব৷ তদুপৰি সুৰক্ষাৰ বাবে প্রতিটো ভোটগ্রহণ কেন্দ্র স্থাপন কৰা স্থানত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ গোট মোতায়েন কৰা হৈছে৷ সেইদৰে প্রতিটো ভোটকেন্দ্রতে ক’ভিড প্রট’কল মানি চলাৰ ক্ষেত্রত বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে নির্বাচন আয়োগে৷

ভোটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ ব্যৱস্থা লোৱাৰ উপৰি মাস্ক, ছেনিটাইজাৰ আদি উপলব্ধ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত সামগ্রিকভাৱে ৫,৪১০জন বিষয়া নিয়োজিত হ’ব৷ ভোটগ্রহণৰ বাবে ১,৮৬৯ বেলট ইউনিট ১,৮৪৪টা কণ্ড্র’ল ইউনিট আৰু ১,৮৬১টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে৷ ইফালে উপ–নির্বাচন হ’বলগীয়া পাঁচ সমষ্টিৰ মুঠ ৭,৯৬,৪৫৬জন ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ হোৱাৰ বিপৰীতে ৩,৯৩,০৭৮গৰাকী মহিলা আৰু ৪গৰাকী তৃতীয় লিংগৰ৷ ইয়াৰ উপৰি ৩,১৬৫জন আছে ছার্ভিচ ভোটাৰ৷ তামুলপুৰ সমষ্টিত সর্বাধিক ২,১৭,৪৩২জন ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১জন ভোটদাতা আছে৷ চলিত বর্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বর্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯জন ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে৷

আনহাতে, উপ–নির্বাচনত ৮,৮৬৪জন ৮০ বছৰৰ ঊর্ধ্বৰ ভোটাৰ আৰু ৪,৯৯৮জন বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ প্রার্থীৰ ক্ষেত্রত গোসাঁইগাঁও সমষ্টিত আঠজন, ভৱানীপুৰত আঠজন, তামুলপুৰত ছয়জন, মৰিয়নিত চাৰিজন আৰু থাওৰা সমষ্টিত পাঁচজনে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ আগন্তুক উপ–নির্বাচনত ভোটদানৰ বাবে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ আন এটা এনড্রইডভিত্তিক ম’বাইল এপ্লিকেচন প্রস্তুত কৰি উলিওৱা হৈছে৷Divyaang Sarathi Nirvachan শীর্ষক এই এপ্লিকেচনটো ব্যৱহাৰ কৰি দিব্যাংগসকলে ভোটদানৰ বাবে ভোটকেন্দ্রলৈ অহা–যোৱা কৰিবলৈ বাহনৰ বাবে অনলাইন আবেদন জনাব পাৰিব৷ এই নির্বাচনত নাগৰিকৰ গণতান্ত্রিক অধিকাৰ ভোটদান সুনিশ্চিত কৰিবৰ বাবে অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই সংশ্লিষ্ট সকলোৰে প্রতি আহ্বান জনাইছে৷

You May Also Like

More From Author