সদ্য ঘোষিত NEET ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দৰঙৰ খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ দুই প্ৰাক্তন ছাত্ৰক সম্বৰ্ধনা জ্ঞাপন । এই সম্বৰ্ধনা জ্ঞাপন কৰে খাৰুপেটীয়াৰ আজমল কলেজ কৰ্তৃপক্ষই । উল্লেখ্য যে, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জ্যোতি ডেকা আৰু ছিপাঝাৰৰ উচ্ছেদিত এলেকা গৰুখুটি গাঁৱৰ আহমেদ আলীয়ে ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈ আজমল চুপাৰ 40 ত স্থান লাভ কৰিছিল । আৰু সম্পূৰ্ণ বিনামূলীয়া ভাৱে আজমল চুপাৰ 40ত অধ্যয়ন কৰি অৱতীৰ্ণ হৈছিল NEET ত । ২০২১ বৰ্ষৰ NEET ৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ দুজনক খাৰুপেটীয়া আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দিলোৱাৰ হুছেইনৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলে সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে, দৰিদ্ৰ ছাত্ৰক এনেদৰে আজমল ফাউণ্ডেচনে লিখা পঢ়াৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ছাত্ৰ দুগৰাকীৰ লগতে শিক্ষক – শিক্ষয়িত্ৰী সকলে। উল্লেখ্য যে, আহমেদ আলীযে ৫৪৬ আৰু জ্যোতি ডেকাই ৫৭২ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইফালে খাৰুপেটীয়াৰ ঘনশিমুলী গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ ছাহীল আখতাৰে ৫৯৩ আৰু খাৰুপেটীয়াৰ কামাৰপাৰা গাৱৰ অৱসৰী শিক্ষক মফিজুদ্দিন আহমেদৰ পুত্ৰ ছাহানুৰ আখতাৰে ৫৯৮ নম্বৰ লাভ কৰি খাৰুপেটীয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
খাৰুপেটীয়াত আজমল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত NEET ত উত্তীৰ্ণ ছাত্ৰক সম্বৰ্ধনা
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025