Assam Cabinet decisions: পিতৃ-মাতৃ বা শহুৰ-শাহুৰ লগত কটাবলৈ চৰকাৰী কৰ্মচাৰীৰ বাবে ৪ দিনৰ বিশেষ ছুটী!

1 min read

ৰাজ্যৰ কৰ্মচাৰীৰ বাবে সুখবৰ। আজি বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকে সুখবৰ কঢ়িয়াই আনিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেটৰ অন্তত অনুষ্ঠিত সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিব দিয়ে ৷ কেবিনেটত লোৱা প্ৰস্তাৱ লোৱা মতে মাক -দেউতাক নতুবা শহুৰ-শাহুৱেক থকা চৰকাৰী কৰ্মচাৰী-বিষয়াবৰ্গৰ পৰা আৰম্ভ কৰি মন্ত্ৰীলৈকে অহা ৬ আৰু ৭ জানুৱাৰীত ছুটী ঘোষণা কৰা হৈছে ৷

আনহাতে এই দুই দিনৰ পিছত ৮ জানুৱাৰীত দ্বিতীয় শনিবাৰ আৰু পৰৱৰ্তী দিনটো ৯ জানুৱাৰী দেওবাৰ হোৱাৰ ফলত এইসকল কৰ্মচাৰী বা বিষয়াই একে লগে চাৰি দিন বন্ধৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ মাক-দেউতাক নতুবা শহুৰ-শাহুৱেকক চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে সময় দি শুশ্ৰূষা কৰাৰ বাবে চৰকাৰে এই সুবিধা প্ৰদান কৰিছে। আইএএচ আৰু আইপিএছ বিষয়াসকলেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব। মন্ত্ৰীসভাৰ সদস্যও আবেদন কৰিলেও মুখ্যমন্ত্ৰীয়ে এই সুবিধা প্ৰদান কৰিব বুলি জানিব দিয়ে।

You May Also Like

More From Author