FSS Season 8 শীৰ্ষক ছিনিয়ৰ Kid’s শাখাত অসমক প্ৰতিনিধিত্ব কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰিমি দেৱীয়ে । কলকাতাৰ মালদাত অনুষ্ঠিত দেশৰ আগশাৰীৰ ফেশ্বন শ্ব’ FSS season 8 ৰ ছিনিয়ৰ kidds শাখাত জয়ী হৈ বৰপথাৰৰ শিঙিমাৰী গাঁৱৰ বীৰ সিনহা আৰু লক্ষী দেৱীৰ ১২ বছৰীয়া জীয়াৰী ৰিমি দেৱীয়ে অসমবাসীয়লৈ গৌৰৱ কঢ়িয়াই আনিছে । মডেলিং জগতৰ কোনো ধৰণৰ সুবিধা নথকা বৰপথাৰৰ দৰে এটি সৰু অঞ্চলৰ পৰা গৈ খিতাপ অৰ্জন কৰাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে ৰিমিৰ পিতৃ-মাতৃৰ লগতে বৰপথাৰবাসী । ইফালে ৰিমিয়ে এটি বছৰৰ বাবে দেশৰ আগশাৰী পানী বিক্ৰী কৰা প্ৰতিষ্ঠান Drrop ৰ বিজ্ঞানপনৰ লগতে এটি ৩০ হাজাৰ মূল্যৰ ক্ৰাউন, ট্ৰফি, পাঁচ হাজাৰ টকাৰ চেক আৰু প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, ৰিমিয়ে ২০১৯ বৰ্ষত Mr and miss Kaziranga, Mr and miss Kaliyabor, glam face of northeast 2020, florid of assam 2nd runner up 2020, Mr and miss Royal international 2020 ৰ লগতে ইতিমধ্যে মডেলিঙৰ লগত জড়িত বহু খিতাপ জয় কৰিবলৈ সক্ষম হৈছে ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ফেশ্বন শ্ব’ত জিলিকিল বৰপথাৰৰ ১২ বছৰীয়া ৰিমি
Posted on by GTM Desk
1 min read
You May Also Like
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025