ভাৰতত বসবাস কৰা বৃহত্তৰ আদিবাসী জনগোষ্ঠীয় লোক সকলৰ ভগৱানস্বৰূপ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ওলহ-মালহেৰে আদিবাসী জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে | আজিৰ দিনটোতে অৰ্থাৎ ১৫ নবেম্বৰ ১৮৭৫ চনত আদিবাসী জনগোষ্ঠীয় লোকসকলৰ ভগৱানস্বৰূপ ৰাষ্টীয় বীৰ শ্বহীদ বীৰচা মুণ্ডাৰ ৰাঁচীত জন্ম হৈছিল | তেখেতৰ ১৪৬ তম জন্ম দিনটোত ওদালগুৰি জিলা আছা’ হৰিশিঙা আঞ্চলিক সমিতিৰ উদ্যোগত খোকাবস্তিত দিনযোৰা কাৰ্যসূচীৰে জন্ম জয়ন্তী আৰু কৰম পৰৱ উদযাপন কৰা হয় |
আদিবাসী জনগোষ্ঠী লোকসকলৰ কুৰুক নৃত্য, মুণ্ডা নৃত্য,ঝুমুৰ আদিকে ধৰি নিজৰ জাতীয় লোকগীত সমূহ পৰিৱেশন কৰা হয় | উক্ত অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ মনোনীত কাৰ্যবাহী সদস্য উইলছন হাছডা, বিজেপিৰ ৰাজ্যিক সংখ্যালঘু সভাপতি শান্তিয়ুজ কুজুৰ, বিৰছা কমাণ্ড ফৰ্চৰ অধ্যক্ষ বিৰচিং মুণ্ডাকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া সকল |
অনুষ্ঠানত নিজৰ ভাষন প্ৰদান কৰি বিটিচিৰ কাৰ্যবাহী সদস্য উইলছন হাছডা য়ে কয় যে, ‘শ্বহীদ বিৰছা মুণ্ডাৰ আদৰ্শেৰে আদিবাসী সমাজখন আগুৱাই যোৱাটো দৰকাৰ | ব্ৰিটিছৰ বিৰুদ্ধে তেওঁৰ যুঁজখনে নৱভাৰত গঢ়াত উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছিল | তেওঁৰ বলিদান কেতিয়াওঁ অথলে নাযায়’ |