সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ বাতিলৰ দাবীত নাগালেণ্ডত অব্যাহত আছে প্ৰতিবাদ (Demand to repeal AFPSA) ৷ যোৱা চাৰি ডিচেম্বৰত নাগালেণ্ডৰ ম’ন জিলাৰ অ’টিংবস্তিত সংঘটিত নীৰিহ নগালোকৰ হত্যাকাণ্ড (Oting massacre incident)ৰ পিছতে ৰাজ্যখনত সজোৰে উত্থাপিত হৈছে এই আইন বাতিল কৰাৰ দাবী ৷ এই ঘটনাৰ বাবেই সমগ্ৰ উত্তৰ-পূৱ ভাৰততে এতিয়া সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ বিষয়টোক লৈ সৰৱ হৈছে দল সংগঠন ৷
শনিবাৰে, 4 ডিচেম্বৰৰ ঘটনাৰ প্ৰতিবাদত ম’ন জিলাৰ টিজিতত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে এই জনগোষ্ঠীৰ জনতাই । উল্লেখ্য যে, শনিবাৰে পুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পাছত টিজিতৰ নামচাত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।
টিজিত চিভিল অৰ্গেনাইজেচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বহু কেইটা সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় জনতাই অংশগ্ৰহণ কৰে। হাতে হাতে ক’লা পতাকা তথা বিভিন্ন দাবী সম্বলিত ফেষ্টুন লৈ প্ৰতিবাদী জনতাই নগা লোকৰ হত্যাৰ প্ৰতিবাদ কৰে । আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰা জনতাই নাগালেণ্ডত উগ্ৰপন্থী বিচৰাৰ নামত সেনাৰ অত্যাচাৰ সহ্য নকৰিব বুলিও হুংকাৰ দিয়ে । ইফালে, প্ৰতিবাদী জনতাই গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সেনাৰ পুত্তলিকাও দাহ কৰে ।