কোকঝাৰত উপস্থিত হৈ প্ৰাক্তন এনডিএফবিৰ সদস্যক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

1 min read

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এন ডি এফ বিৰ প্ৰাক্তন কেডাৰসকললৈ পুনৰ্সংস্থাপন পেকেজৰ অধীনত আজি এন ডি এফ বিৰ হিংসা ত্যাগ কৰাৰ পাছত মুখ্য শাখালৈ ঘূৰি অহা বিভিন্ন গোটৰ ১৬৬৯জন প্ৰাক্তন কেডাৰক ৪ লাখ টকাৰ ফিক্সড ডিপজিট প্ৰমাণ পত্ৰ প্ৰদান কৰে।

আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত কাৰ্যসূচীত এন ডি এফ বিৰ প্ৰাক্তন কেডাৰসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে উদ্যোগীকৰণেৰে চৰকাৰে অসন্তুষ্ট যুৱক-যুৱতীসকলক সমাজৰ মূল ধাৰালৈ অনা আৰু অসমৰ আত্মনির্ভৰ আন্দোলনত তেওঁলোকক আগশাৰীৰ যোদ্ধা হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে। এই প্রসংগতে এন ডি এফ বিৰ প্ৰাক্তন সদস্যসকলক আয়মুখী অৰ্থনৈতিক কাৰ্যকলাপত নিজকে জড়িত কৰি বিত্তীয় সাহায্যৰ ন্যায়সংগত ব্যৱহাৰৰ বাবে আহ্বান জনায়।

বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱ আৰু বড়ো আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুখ্যমন্ত্রীয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্রীঅমিত শ্বাহ আৰু ঐতিহাসিক বড়ো শান্তি চুক্তিৰ জৰিয়তে অঞ্চলটিত স্থায়ী শান্তি স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সন্মানীয় বড়ো নেতাসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

বিশেষ কার্যসূচীটোত সতীর্থ মন্ত্রী ইউ জি ব্রহ্ম, অশোক সিংহল, বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্ৰমোদ বড়ো, বি টি আৰৰ উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিধায়কদ্বয় লৰেন্স ইছলাৰী, জয়ন্ত বসুমতাৰী, বিশেষ আৰক্ষী সঞ্চালকপ্রধান এল আৰ বিষ্ণই, বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন নাথ, প্রধান সচিব (গৃহ) নিৰজ বর্মা, বি টি চিৰ শান্তনু গোটমাৰে, এবছুৰ সভাপতি দ্বীপেন বড়ো উপস্থিত থাকে।

You May Also Like

More From Author