ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ এইবাৰ আৰক্ষীৰ পৰিচয় দি চাৰি পাষণ্ডই কৰিলে ষোল্ল বছৰীয়া দুই কিশোৰীক ধৰ্ষণ ৷ এই ঘটনা সংঘটিত হৈছে বি টি আৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ ৰূপচী আৰক্ষী চকীৰ অন্তৰ্গত কুৰ্শাকাটি অঞ্চলত। ইতিমধ্যে আমছু আৰু এবিএমছুয়ে দোষীক কৰায়ক্ত কৰি উচিত শাস্তিৰ দাবীত ৰূপচী আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰে ৷
অভিযোগ মতে, গৌৰীপুৰৰ পৰা এ এছ 16 চি 5095 নম্বৰৰ এখন অটোৰে দুগৰাকী যুৱতী আহি থকাৰ সময়তে কুৰ্শাকাটি মাৰচুলঝৰা অঞ্চলত চাৰিজন যুৱকে অটোখন ৰখাই নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দি এজনে গাড়ীৰ নথি পত্ৰ পৰীক্ষাৰ নামত চালকক ব্যস্ত কৰি ৰখাৰ বিপৰীতে আন তিনিজন যুৱকে কিশোৰী দুগৰাকীক উঠাই হাবিৰ মাজলৈ লৈ যায় । পিছত চালকজনে গাড়ীত থকা কিশোৰী দুগৰাকীক দেখা নাপাই লগে লগে চিঞৰ-বাখৰ কৰে ৷
চালকজনৰ চিঞৰ বাখৰ শুনি স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীৰ পৰিচয় দি গাড়ীৰ নথি পৰীক্ষা কৰা দীপক ৰায় নামৰ যুৱকজনক আটক কৰি উত্তম মাধ্যম সোধাই ৰূপচী আৰক্ষীক গতাই দিয়ে । অৱশ্যে আন তিনিজন পাষণ্ড চালকজনৰ চিঞৰ শুনাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷
এই ঘটনাক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে এবিএমছুৰ সভাপতি আশ্ৰাফুল আলমৰ নেতৃত্বত এবিএমছু আৰু আমছুৰ এটা দলে ৰূপচী আৰক্ষী চকীত উপস্থিত হৈ আৰক্ষীয়ে উচিত তদন্ত কৰি আটাইকেইটা দোষীক আটক কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই যদিও বাকী তিনি যুৱকক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।