বহু জল্পনা কল্পনাৰ পিছত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ৷ মাজুলীৰ দিন ঘোষণাৰ পিছতে এতিয়া শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে মাজুলীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ অংক ৷
৭ মাৰ্চত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচন ৷ কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? এতিয়া এয়াই চৰ্চা সৰ্বত্ৰ ৷ শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সূচী ৷ এই হিচাপত ১৭ ফেব্ৰুৱাৰীত মনোনয়ন দাখিলৰ শেষ দিন ৷ ৭ মাৰ্চত হ’ব বহু প্ৰত্যাশিত ভোটগ্ৰহণ ৷ আৰু ১০মাৰ্চত হ’ব ভোট গণনা ৷
এই সময়সূচী ঘোষণাৰ পিছতে শাসকীয় মিত্ৰজোঁটে আৰু বিৰোধীয়ে কাক মাজুলীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব, তাকলৈ আৰম্ভ কৰিছে অংক ৷ ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱা সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা খালী হৈ আছে মাজুলীৰ আসনখন ৷
এতিয়া শাসকীয় মিত্ৰজোঁটৰ পৰা BJPয়ে ইতিমধ্যে প্ৰাৰ্থীৰ প্ৰাৰ্থীৰ নাম ঠিক কৰিছে যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নাম ৷ BJPৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ বহু যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাৰে ঘনিষ্ঠতা থকাৰ দোহাই দি ভূৱন গামে প্ৰাৰ্থীত্ব পোৱাতো প্ৰায় নিশ্চিত বুলি BJPৰ দলীয় শীৰ্ষ সুত্ৰই দাবী কৰে ৷
ইপিনে বিগত উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰে বুজা-বুজিৰ ভিত্তিত কংগ্ৰেছে মাজুলীৰ আসনখন এৰি থৈ দিছিল অসম জাতীয় পৰিষদলৈ৷ দেওবাৰে আবেলি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত নিশাৰ ভাগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত হয় এক আলোচনা ৷ এই আলোচনাৰ ভিত্তিত আজি বা কাইলৈৰ ভিতৰত জাতীয় পৰিষদে দলীয় সিদ্ধান্ত কংগ্ৰেছক জনাব বুলি দেওবাৰে ৰাজীৱ ভৱনত সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷