বিশ্ব কৰ্কট দিৱস উপলক্ষে ৪–০২–২০২২ তাৰিখে JBF INDIA TRUST আৰু PHD Chamber of Commerce & Industry ৰ উদ্যোগত তথা অনুৰণন, অসম সেৱা সমিতি, Image Hacker, Dinesh Shahra Foundation, Rotary Club of Guwahati, Guahati Rotary Club Charity Trust ৰ সহযোগত মৈৰাকুচি গাওঁ, সোণাপুৰ স্থিত JIRAW ৰ প্ৰাংগণত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে পশু – চিকিৎসক তথা JBF (INDIA) TRUST ৰ কাৰ্য্যবাহী সঞ্চালক ডঃ স্মৃতি ৰেখা দত্ত, Guwahati Rotary Club ৰ সদস্য স্বালেহ আহমেদ চৌধুৰী আৰু শ্ৰী দেৱজিৎ গোস্বামী, PHD Chamber of Commerce and Industry ৰ সঞ্চালক বিভূতি দত্ত। সভাৰ লগত সংগতি ৰাখি ডাঃ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ চিকিৎসালয়ৰ তৰফৰ পৰা মৈৰাকুচি গাঁৱৰ গাঁওবাসীলৈ বিনামূলীয়া Oral Screening ৰ লগতে India Food Banking Network ৰ ফালৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।