আজি সন্ধিয়াৰ ভাগত ডিফু- মাঞ্জা পথৰ পাঁছ মাইলত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জাৰ পৰা তীব্ৰ বেগে আহি থকা এএছ ০৯ ডি ০৩০১ নম্বৰৰ বলেৰ’ গাড়ীখন মাঞ্জাৰ পৰা আহি থকা অৱস্থাত ডিফু পাছ মাইলৰ পৰা মাঞ্জা অভিমুখে গৈ থকা আপাচি আৰটিআৰ ২০০ – ৪ ভি মটৰ চাইকেল খনত খুন্দিয়াই দিয়াৰ ফলত মটৰ চাইকেলখনৰ চালক পাঁচ মাইলৰ চন্দন ৰায় ঘটনাস্থলীত নিহত হোৱাৰ লগতে মটৰ চাইকেলখনত আৰোহী হিচাপে অহা আন দুজন যুৱক গুৰুতৰ ভাবে জখম প্ৰাপ্ত হয় ৷ আহত অৱস্থাত দুয়োকে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ গৈ থকাৰ অৱস্থাত এজন আৰোহীৰ মৃত্যু হয় বুলি জানিব পৰালগৈছে যদিও বাতৰি লিখা পৰলৈকে নিহত যুৱকজন চিনাক্ত হোৱা নাই ৷ আন জন যুৱকক সংকটজনক অৱস্থাত ডিএমচিএইছ ভৰ্তি কৰা হৈছে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে মটৰ চাইকেলখনৰ চালক চন্দন ৰয়ৰ এখন হাত ছিঙি যায় আৰু বলেৰ’ খনৰ চকা খুলি যায় ৷ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰই ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে দূৰ্ঘটনা সংঘটিত কৰি বলেৰ’ খনৰ চালক পলাই যায় বুলি জানিব পৰা গৈছে ৷
ডিফুত ভয়াবহ পথ দূৰ্ঘটনাত দুজন নিহত এজন গুৰুতৰ ভাবে আহত
Posted on by GTM Desk
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025