মৰিয়নিত আৰ্টিগা গাড়ীত ওলাল চাৰি কোটি টকাৰ ড্ৰাগছ

1 min read

মৰিয়নিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। মঙ্গলবাৰে মাজ নিশা তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি মৰিয়নিৰ শিলিখা চাহ বাগিচাত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

 

চাহ বাগিচাৰ ১১ নম্বৰ লাইনত আৰক্ষী দলটোৱে অভিযান চলাই অজিত ওৰাং নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও লগত থকা আন এটা ড্ৰাগছ সৰবৰাহকাৰী আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী অজিত ওৰাঙৰ ঘৰ গোলাঘাট জিলাৰ উৰীয়ামঘাটত বুলি জানিব পৰা গৈছে। মৰিয়নী শিলিখা চাহ বাগিছাত ধৃত অজিত ওৰাঙৰ শহুৰেকৰ ঘৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

 

সৰবাৰহকাৰীটোৰ পৰা আৰক্ষীয়ে ২২ গ্ৰাম হিৰইন জব্দ কৰাৰ লগতে ওৰাঙে ব্যৱহাৰ কৰা AS04K 0610 নম্বৰৰ এখন ERTIGA গাড়ী জব্দ কৰে। ইফালে বুধবাৰে পুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ ERTIGA গাড়ীখন তন্ন তন্নকৈ তালাচী চলোৱাত বাহনখনৰ বডীৰ বিভিন্ন অংশ খুলি কৌশলতাৰে লুকুৱাই অনা ৩৮ টা ব্ৰাউন চুগাৰৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বাহন খনৰ গিয়েৰ বক্স,হেড লাইট, বেকলাইটৰ ভিতৰত এই ব্ৰাউন চুগাৰৰ পেকেট সমুহ সুমুৱাই সৰবৰাহৰ চেষ্টা কৰিছিল।

 

মৰিয়নি আৰক্ষী থানাত তিতাবৰ মহকুমা আৰক্ষী বিষয়া মৈত্ৰেয়ী ডেকাই আয়োজন কৰা সংবাদমেলত কয় যে, “ড্ৰাগছখিনি  নগালেণ্ডৰ ডিমাপুৰৰ পৰা তিতাবৰ, মৰিয়নি হৈ তিনিচুকীয়া লৈ নিবৰ বাবে সৰবৰাহকাৰীয়ে চেষ্টা কৰিছিল।আমি গোপন সূত্ৰত এই বিষয়ে জানিব পাৰি অভিযান আৰম্ভ কৰো।পলাতক হৈ থকা সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ আমি অভিযান চলাই আছো”।

You May Also Like

More From Author